সমললৈ যাওক

পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/১৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১২৫)

 কমাৰৰ নিয়ৰিত হাতুৰিৰ কোব নুশুনি, আরু সুতাৰৰ কৰতৰো শব্দ নাই। সকলো মানুহ বিচনাত নিজম দি পৰি আচে আরু লৰা বোৰ মাকৰ বুকুত শুই আছে।

 আকাশ পৃথিবী সকলো এন্ধাৰ, আটাই বোৰ চকুৱেই মুদ গৈচে, আরু সকলো হাতেই মনে২ আছে।

 যেতিয়া সকলোৱে নিদ্ৰাত থাকি আপোনা আপুনি ৰক্ষা কৰিব নোৱাৰে, আরু বিপদ হৈছেনে নাই তাকো নেদেখে,তেতিয়া সিহঁতক কোনে ৰক্ষা কৰে?।

 এটি চকু আচে যি কেতিয়াও নোশোৱে। এটি চকু আচে যি এন্ধাৰ ৰাতিতো যেনেকৈ দিনৰ পোহৰতো, তেনেকৈ দেখে। সূৰ্য্য বা চন্দ্ৰৰ পোহৰ নহলে ঘৰৰ ভিতৰত চাকি নাথাকিলে, আরু আকাশতো এটি তৰাও নহলে, সেই চকুৱে সকলো ঠাইতে দেখে আরু পৃথিবীৰ সকলোকে ৰাখে।

 যি চকুৱে কেতিয়াও নোশোৱে সেই চকুৱেই ঈশ্বৰৰ। আমাক ৰাখিবলৈ আমাৰ ওপৰত তেঁওৰ হাত সদাই মেলি থৈচে। আমাৰ ভাগৰ লাগিলে জিৰাবৰ নিমিত্তে ঈশ্বৰে টোপনি স্ৰজিচে আরু আমি শুবলৈ ৰাতি কৰিচে।

 বনুৱই ভাগৰ পাই আরু সরু২ লৰা আৰু কীট পতঙ্গ ইত্যাদি সকলোৱে নিৰ্ভয়ে শোৱে,কিয়নো ঈশ্বৰে সকলোকে ৰখে।