পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/১৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ১৬৯ )

এটালৈ সেই কাঠা্মে‌ৰে বাৰ্ত্তা পঠি্য়া‌ই এনেকৈ তিনি চাৰি মিনিটৰ (এক ঘৰিৰ ৬০ ভাগৰ এভাগে এক মিনিট) মধ্য তে ১০০ মাইল অন্তৰৰ বাৰ্ত্তা পোৱা জায় আরু প্ৰতি মাইলে এডাঁৰৰ বাট।

 হেপ্ৰিয় লৰা বিলাক এই যন্ত্ৰ বোৰৰ কথা যে কলোঁ ই কে ৱল ইংলণ্ড আমেৰিকা আৰু ইউৰোপত হে আচে আসিয়া খণ্ডত যতে আমাৰ দেশ তাত নাই সেই নিমিতে গমি চাৱা আমাৰ দেশক কেনেকৈ সভ্য বোল যায়।

OF THE CITY OF CALCUTTA.
কলিকাতানগৰৰ বিবৰণ।

 কলিকাতা নগৰ সমুদ্ৰৰ পৰা ৫০ ক্ৰোশ দূৰ আরু গঙ্গা নদীৰ তীৰত; এই নদীকে ইংৰাজ বিলাকে হুগলী বোলে; কিন্তু এই দেশেৰ হিন্দু বোৰে ভাগীৰথী আরু গঙ্গা বোলে। এই নগৰতে ফোৰ্ট উলিয়ম নামে এখন কোঁঠ্‌ আচে তাক ক্লাইব সাহাবে দুই কোটি অৰ্থাৎ দুশ লক্ষ টকা ভগন কৰি সজাইছে। আৰু তাক ৰক্ষা কৰিবৰ নিমিত্তে প্ৰায় দহ হেজাৰ সৈন্যলাগে। যোৱচানক্‌ নামে সাহাবে কলিকাতা নগৰ প্ৰথমে স্থাপন কৰিলে বুলি শুনা জায়। ইং ১৭৫৭ শঁকত এই নগৰ এতিয়াৰ নিচিনা নাচিল তেতিয়া নদিয়া জিলাৰ অধীন এখন গাঁওহে আচিল তত্ব থকা মানুহবিলাকো