পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/২১৫

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

( ২০৪ )


কোনো কথা কৰিলে তাক কম্পানিয়েও লৰাব নোৱাৰে কিন্তু গবৰ্ণৰ জেনেৰলে অকলেই মন্ত্ৰি বিলাকৰ পৰামৰ্শ নোলাৱাকৈও তিন দেশৰ পক্ষে সকলো কৰ্ম্মকে কৰিব পাৰে কিন্তু অহিতলৈ কোনো যুদ্ধ বিগ্ৰহ বা সন্ধি কৰিলে সেই নিমিত্তে ইংগ্লণ্ডত তেঁওৰ নামে গোচৰ হব পাৰে নাই বা তেঁওক কৰ্ম্মৰ পৰা গুচাব পাৰি। ৰাজ্য শাসন কৰাত গবৰ্ণৰ জেনেৰলৰ তিমান ক্ষমতা নাই, তেঁও কৌন্সল্‌ অৰ্থাৎ মন্ত্ৰি সকলৰ অনুমতি নোহোৱাকৈ কোনো আইন কৰিব নোৱাৰে, আরু অনুমতিৰে কৰিলেও ইংগ্লণ্ডৰ শাসন কৰ্ত্তা আরু কোৰ্ট অফ্‌ ডাইৰেকটৰচে সেই আইনৰ হিত কৰিব পাৰে। সৈন্যাদিৰ চল কৰো ভাৰতবৰ্ষৰ মুখ্য শাসন কৰ্ত্তাই কৰায়। কিন্তু গবৰ্ণৰ জেনেৰল বা নানা ৰাজধানীৰ গবৰ্ণৰ বিলাকে নিজে কোনো সোধ পোচ নকৰে, প্ৰতি ৰাজধানীতে দেওয়ানি আরু ফৌজদাৰিৰ সোধ কৰিবলৈ বিচাৰৰ ঠাই আচে। প্ৰতি ৰাজধানিৰ তলতিয়া যি সকল প্ৰদেশ আচে সেই প্ৰদেশ বোৰ জিলা কৈ ভাগহৈচে, আরু প্ৰতি জিলাতে দেওয়ানি আরু ফৌজদাৰিৰ গোচৰ সুধিবলৈ জজ প্ৰধান সদৰামীম সদৰ আমীন মুনসেফ মাজিষ্ট্ৰেট প্ৰভৃতি বিষয়া আচে। এই সকল বিষয়াৰ নাম সকলো প্ৰদেশতে একে নহয় কিন্তু সকলোৰে কৰ্ম্ম একে জিলাতো আপীল কৰিবৰ ঠা্ই‌ আছে, কিন্তু কম্পানিৰ সকলো সোধৰ ঠা্ই‌ৰ ওপৰতে সদৰ দেওয়ানী আদালত আচে ইয়াতকৈ শ্ৰেষ্ঠ