পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/১৫৪

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
( ১৪৩ )

বলৈ তিনি চাৰিটা মানুহ ভৰিত লোৰ কাইট বান্ধি মাচৰ ওপৰত উঠি তাৰ গাৰ তেল বোৰ আঠ্ হাত দিঘল আরু তিনি হাত পুতলকৈ কাটি জাহাজত তোলে। তেল তোলা হলে তাৰ ওঠৰ লোম বোৰ কুঠাৰেৰে কাটি লয়। এটা মকৰ মাচৰ গাৰ পৰা চাৰি কুৰি পিপা তেল পোৱ জায় তাৰ মূল্য আড়াই হেজাৰ টকা। সভ্য লোকে তাৰ মঙহ নেখায় কিন্তু উত্তৰৰ অসভ্য জাতি বোৰে তাৰ মঙহ পালে বৰ হৰ্ষ পায় আরু তাৰ তেল বৰ মিঠা বুলি পান কৰে। সিহঁতে যত মৰা মৰ মাচ পাৱ তাতে লৰা তিৰোতাই সৈতে বাস কৰি নুঢুকাই মানে খায় থাকে, পিচে ঢুকালে তাৰ পৰা উঠি জায়। এই মাচ মাৰিববৈ প্ৰতি বচৰে ইংগ্লণ্ডৰ পৰা তিনি শ জাহাজ জায়, আৰু এই ব্যৱসা কৰা মানুহ বাৰ প্ৰায় সক লোৱে লাভ কৰি আহে।

————

“THE ELEPHANT.”

“হাতিৰ বিবরণ ।”

 পৃথিবীৰ স্থলত থকা সকলো জন্তুতকৈ হাতি ডাঙ্গৰ; তাৰ জন্ম স্থান আসিয়া আরু অফিকা খণ্ডত। কোন২ হাতি সাত আঠ হাত মান দিঘল, আৰু ছয় সাত হাত ওখ। সি কেতি য়াবা২ এশ ছকুৰি বচৰ জিয়ে। মাইকি বোৰে এটাকৈ পোৱালী জন্মায় পোৱালী ওপজোঁতে দুহাত মান ওখ আরু ১৪। ১৬ বচৰলৈকে বাঢ়ে।