পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/১৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ১৫৪ )


 ঘৰি আরু বৰ ঘৰি কি হক বোলে তোমোলাকে জানিব পোৱা। এই যন্ত্ৰেৰে দিন আরু ৰাতিৰ ডাঁৰ পৰ জানি। ঘৰি বোৰ সরু আরু মোনাতকৈ লৈ ফুৰায়, বৰ ঘৰি হলে ডাঙ্গৰ আরু তাত ডাঁৰ পৰ বাজে; কিন্ত কোনো২ সরু ঘৰিও বাজে। বৰ ঘৰি বোৰ পৰিমাণেৰে বা জোখেৰে চলে; কিন্তু সরু ঘৰিৰ ঘিলা বোৰ হেচা মাৰিলে উঠি্‌ অহা গুণাত পৰ মেৰাই থয় সেই গুণা খহোঁতে লৰে। বৰ ঘৰি নথকাত ৰদৰ ঘৰি এবিধ ব্যৱহাৰ হৈচিল কিন্তু তাৰ পৰ৷ ৰদ নুঠিলে ডাঁৰ পৰ কব নোৱাৰিচিল, কিন্তু বৰ ঘৰি হোৱাত ৰাতিয়ে দিনে সময় ঠিক কৰিব পাৰিচিল ৰাতি চাকি লগাই অঙ্কহে চাব লাগে। তাৰ পিচৎ ঘৰিক বজা কৰা গল, তাৰ পৰা বৰ জাৰ কালি অতি এন্ধ৷ৰ নিশাতো এক আঙ্গুণ নলৰাকৈ বিচনাতে থাকি ডাঁৰ পৰ জানি।

 ঘৰি প্ৰথমে কেতিয়া কোনে কৰিলে ময় তোমোলাকক নিশ্চয়কৈ কব নোৱাৰোঁ কিন্তু ইংলণ্ড দেশত ঘৰি চলতি হবৰ চাৰিশ কি পাঁচশ বচৰ হৈচে, ষ্ট্ৰাট্স্বৰ্গ, আৰলিয়ন্স নগৰত দুটা প্ৰখ্যাত, ঘৰি আচে, কিন্তু তাৰ বিবৰণ ভালে মান কথা, বৰ্চিলিচ নগৰৰ ৰাজ গৃহত এবেলি এটা ঘৰি আচিল সি বৰ আচৰিত তাত, ঘণ্টা বাজিবৰ পূৰ্ব্বে দুটা কুকুৰাই পাখি জোকাৰি মাতিচিল পিচে মূৰ্ত্তি বোৰে হাতত তাললৈ আহি তাক বৰ টাঙ্গনেৰে কোবাই চিল।