পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/২১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ২০৭ )


ইংগ্লণ্ডতো ডিউক্‌, মাৰকুইচ, অৰ্ল, ৱাইকৌণ্ট আরু বাৰণ ইত্যাদি বিষয়া আচে এই বিষয়া ইংগ্লণ্ডৰ চাৰিশ, স্কটলণ্ডৰ ১৬ জন, আইৰলণ্ডৰ ৩২ জন একে লগে বহি এক সভা কৰে আরু সেই সভাকে বিষয়াৰ সভা বোলে; ইংৰাজি নাম হাউচ অফ লৰ্ডচ: পিচে এই দুই সভাৰেই পাৰ্লিমেণ্ট। পাৰ্লিমেণ্টে সদাই মেল নকৰে বচৰত এক সময়ত হয়, কিন্তু ৰজাই ইচ্ছানুসাৰে পাৰ্লিমেণ্টক আহ্বান কৰিবও পাৰে আরু বহিবলৈ হাক দিবও পাৰে আরু ৰজাই পাৰ্লিমেণ্টক বিসৰ্জন কৰিবও পাৰে কিন্তু বিসৰ্জন হলে সমুহ সভাৰ সভাস্থ আগৰ বোৰ গুচি নকৈ কেতবোৰক বাচি পঠি্য়া‌ই।

 পালিমেণ্টৰ প্ৰধান কৰ্ম্ম ৰাজ্য শাসনলৈ আইন কৰা আরু ৰাজ্য শাসনৰ ভগনলৈ ধন সধোৱা ৰজাই পাৰ্লিমেণ্টৰ অভিমত নোহোৱাকৈ প্ৰজাৰ তৰ পৰা কৰ কঁটল সধাব নোৱাৰে। পাৰ্লিমেণ্টে নকৈ আইন কৰে, আরু পুৰণি ব্যৱস্থাক ৰহিত কৰিব পাৰে। কোনো আইন কৰিব লাগিলে দুই সভাৰ কোনো সভাস্থেই আগে নিবেদন কৰি সভাক জনাব পাৰে, পিচে যি সভাৰ সভাস্থে আইন প্ৰসঙ্গ কৰে সেই সভাস্থ সকলে সেই প্ৰসঙ্গ তিনি বেলি পঢ়ি বৰকৈ গমি চাই অৰ্থাৎ সেই আইনক চলতি কৰা জাবনে নেজাব, পিচে বিবেচনা কৰি যদি সভাৰ অনেকে সম্মত হয় তেন্তে

সেই প্ৰসঙ্গ সিসভালৈ পঠো্ৱা‌ জায়; সি সভাতো বিবেচনা