(১১২)
তা, পবিত্ৰতা, ক্ষমা, সরু ঠা্ইত বহিবলৈ বাচিলোৱা, পৰস্পৰৰ ভৰি ধুওৱা, শত্ৰুক প্ৰীতিকৰা, অপমান আৰু অপকাৰক
সহি থকা, সত্যতা, সাধুতা, দানকৰা,ব্ৰতকৰা, ঈশ্বৰক প্ৰাৰ্থনা
কৰা, বিশ্বাস আৰু সকলোেতকে ঘাইকৈ দানশীলতা এই
সকল কৰ্ম্ম কৰিবলৈ সকলোকে উপদেশ দিয়ে।
BRIEF SKETCH OF THE MAHOMEDAN RELIGION.
.
মুষলমান ধৰ্ম্মৰ সংক্ষেপ বিবৰণ।
মহম্মদ ইংৰেজি ৫৭০ শকত অৰ্থাৎ খ্ৰিষ্ট জন্মিবৰ ৫৭০ বচৰৰ মুৰত আৰব দেশৰ মক্কা নগৰত উপজিচিল। তেঁও আদিতে বাণিজ্য কৰিচিল পিচে খাদিজা নামে এজনি ধনৱন্ত বিধৱাক বিয়া কৰাই বাণিজ্য ব্যৱসা এৰি কাৰো সঙ্গ নকৰা কৈ ভালে মান দিন অকলে আচিল আরু এনেকৈ একাকী হৈ থাকোঁতে ৰোলে জিবৰেইল নামে ঈশ্বৰৰ দূত সাক্ষাৎ হৈ তেঁওক ঈশ্বৰে নবি পাতিচে বুলি কলে। পিচে এনেকৈ অনেক দৈব বাণী হৈচিল বুলি তেঁও কৈচিল। প্ৰথমে তেঁও ধৰ্ম্ম প্ৰকাশ কৰোঁতে অতি মৃদু আরু নম্ৰ আচিল কিন্তু শেষত তেঁও তৰোৱালেৰে আপোন ধৰ্ম্ম প্ৰকাশ কৰিলত তেঁওৰ মহা পৰাক্ৰমৰ নিমিত্তে অনেক দেশৰ লোকে তেঁওৰ ধৰ্ম্ম ললে। যি পুথিত মুষলমানৰ ধৰ্ম আচে