পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/১৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ১৫৮ )


দূৰ দৰ্শন যন্ত্ৰ অৰ্থাৎ দুৰ্ব্বীন,তাক আৰ্চিৰে কৰে আরু তাৰ দ্বাৰা নিল গত থকা বস্তুকো বৰ সুন্দৰে দেখিৱৰ দুৰ্ব্বীনেৰে আকাশৰ নক্ষত্ৰাদি আৰু সরু বোৰেৰে নিলগত থকা জাহাজ পৰ্ব্বত ইত্যাদি বস্তু চায়, ময় এখন সূক্ষ্ম দৰ্শন যন্ত্ৰ দেখিচোঁ তাৰে চালে গোটেই সরু পোকটিকো দহ আঠ্‌ হাত দিঘল দেখি আরু এটা দুৰ্ব্বীন দেখিচোঁ তাৰে চন্দ্ৰৰ ওপৰত ঘৰ আরু মানুহ থকা হেন দেখিলোঁ।

 এতিয়া ভাপৰ কলৰ কথা কওঁ শুনা, পূৰ্ব্বে ভাপৰ গুণ প্ৰকাশ পোৱা নাচিল পিচে যি মানুহে প্ৰথমে তাক প্ৰকাশ কৰিলে তেঁও খাবলৈ বহি তপত পানিৰ ভাপে যি সাজত পানিতপতাইচিল তাৰে সাঁফৰ টো ওপৰলৈ তোলা দেখি মনত ভাবিলে যে তপত পানিৰ ভাপ অনেক কৰ্ম্মত লগাব পাৰি; এই বুলি তেঁও শ্ৰম কৰিব ধৰিলে পিচে এই তুচ্ছ কথাৰ পৰা ভাপৰ কল প্ৰকাশ হল।

 ভাপৰ কলত তপত পানিৰ ভাপ এটা নলিত পেলায় আরু সেই চুঙ্গাৰ এটা সাঁফৰ বা সোপা আছে। সেই সাঁফৰ ভাপে ঠেলিলে ওপৰলৈ উঠে আরু অল্প চেঁচা পানি পৰিলে পড়ে।

 ওয়াট নামে এক সাহাবে ভাপৰ কলক অনেক ভাল কৰিলে তেঁও সাঁফৰটো ওপৰত দি বিন্ধাই তাৰে এডাল