পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/১৬৩

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

( ১৫২ )


বাঢ়ে তাক তোমোলাকে নভবা হেন পাঁও, মসুষ্যৰ নো কি বস্তু অতি আবশ্যক? আহাৰ—সেই আহাৰ অসভ্য অৱস্থাত থাকিলে যি মৃগয়া কৰি পায়। পূৰ্ব্বৰ ইংৰাজহঁত চিকোন অসভ্য আচিল, সিহঁতে আহাৰৰ নিমিত্তে মৃগয়া কৰিচিল; কিন্তু সভ্য মানুহ বিলাকে মৃগয়া নকৰাকৈ আহাৰ মিলায়; সিহঁতে হাল বাই ধান রুই তাকে কাটি আনে আরু জন্তু বোৰক পোহনিয়া কৰে এতিয়া তোমোলাকে জানিলা যে বুদ্ধি ভৰিতকৈও বেগৱন্ত আরু হাততকৈও বলৱন্ত।

অসভ্য  সভ্য

 মনুষ্যক আরু কি বস্তু অতি আৱশ্যককৈ লাগে? কাপৰ— অসভ্য মানুহ বিলাকে নাঙটহৈ ফুৰে বা জন্তুৰ চাল পিন্ধে; কিন্তু সভ্য লোকে সুতা আরু নোম বই কাপৰ কৰে। অসভ্য বোৰে কাপৰ পালে চাল পিন্ধিব হেন পোৱানে নহয়,সিহঁতে কেতিয়াও তেনে নকৰে।

 ইয়াত বাজে মানুহক থাকিবলৈ ঘৰ লাগে। পূৰ্ব্বৰ ইংৰাজ হঁত পজাত বা গাঁতত বাস কৰিচিল কিন্তু সিহঁতে