পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/১৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ১৮৭ )


ডফলা, আবৰ, মিচিমি, খামতি, চিংফৌ, ইত্যাদি জাতি থকা পৰ্ব্বত সাৰি। দক্ষিণ আরু দক্ষিণ পূৰ্ব্ব সীমাতে খাসিয়া কচাৰি, নগা ইত্যাদি থকা আৰু এসাৰি পৰ্ব্বত, পশ্চিম সীমা বঙ্গ দেশ। ইংৰাজে অসম দেশ অধিকাৰ কৰিবৰ পৰা অসম আরু বঙ্গলাৰ মাজ সীমা ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে মানাহ নদী, দক্ষিণ পাৰে নগৰ বেৰাৰ পৰ্ব্বতৰ পশ্চিমে এটা কল্পিত ৰেখা।

 পশ্চিম সীমাৰ পৰা পূৰ্ব্বে মিচিমি চিংফৌ পৰ্ব্বতলৈকে অসম দেশ দিঘলে ৫০০ পাঁচশ মাইল অৰ্থাৎ ২৫০ ক্ৰোশ পুতল সকলো ঠাইতে সমান নহয় মুঠ্কৈ‌ লেখিলে ৬০ মাইল অৰ্থাৎ ৩০ ক্ৰোশ মান হব আৰু এই দেশত এক কোটি আঠা্ৱ‌ন লক্ষ সত্তৰি হেজাৰ পুৰা মান মাটি আচে, অসম দেশ পৰ্ব্বতৰ মাজত আরু মাজেৰে ব্ৰহ্মপুত্ৰ নদ গৈচে।

 এই দেশ সম্প্ৰতি চয় জিলা কৰি চভাগ কৰা গৈচে অৰ্থাৎ কামৰূপ, দৰঙ্গ, নগাওঁ, শিবপুৰ, লক্ষীপুৰ, আরু মটক বা সদিয়া।

 কামরুপ জিলাৰ পশ্চিমে গুয়ালপাড়াৰ জিলা, উত্তৰে ভোটৰ পৰ্ব্বত, পূৰ্ব্বে বৰনদী আরু নগাঁও জিলা, দক্ষিণে খাসিয়াৰ পৰ্ব্বত। কামৰূপ জিলা এটাই জিলাতকৈ বৰ তাত প্ৰায় সত্তৰি খন পৰগনা তিনিশ একাশি খন সত্ৰ আরু সাঁইত্ৰিশ খন দেৱালয় আচে। এই জিলাৰ উত্তৰ পাৰে অনেক নদী আচে প্ৰধান মানাহ নদী (ভোটৰ পৰ্ব্বতৰ পৰা