পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/১২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১০৯)

ধৰিলে এনেতে অধ্যাপক সোমাই তাকে দেখি সুধিলে বোলে কিয় কাপৰ সলাইচ হঁক।

 চা। হয় সিহঁতে চোলাৰ হৈ দন্দ কৰি মোৰ তলৈ সোধ সোধাবলৈ আহিচিল আরু ময় সিদ্ধান্ত দিচোঁ বোলোঁ যালৈ যিটো চোলা ভাল সেষেই তাক পাব।

 অধ্যাপক। তুমি কি বুজি এনে সিদ্ধান্ত দিলা।

 চা। যালৈ যিটো ভাল তাকে সেইটো দিয়াইচোঁ।

 অ। কিন্তু যাৰ বস্তু সি মানতি নোহোৱাকৈ কি ব্যবস্থাৰে তাৰ বস্তু তুমি নিয়ালা।

 চা। ময় জানিলোঁ যে এনেকৈ সলালে তাৰ লাভ হব।

 অ। আনে কিহত সুখী হয় তাক জানিবৰ তোমাৰ শক্তি নাই, সুবিচাৰৰ নিমিত্তে ডাঙ্গৰ চোলাটো তাৰ অধিকাৰক দিব পাই। তোমাৰ সিদ্ধান্ত অন্যায় হৈছে, তুমি সুবিচাৰহে কৰিব পোৱা কালৈ কি ভাল তাক সুধিব নোপোৱা।

 ন্যায্যতাৰ মূৰ্ত্তি সদাই চকুত কাপৰ বন্ধা, আরু হাতত তৰ্জূ এখনেৰে কৰে, তাৰ অৰ্থ এই যে তেঁওৰ কাতো ভিন ভাৱ নাই কিন্তু সকলো মানুহকে পাবলগা খনি বেচি কমি নকৰাকৈ দিয়ে।

ট্ৰটচৰ আখ্যান।

 রুম ৰাজ্য পূৰ্ব্বে ৰজাৰ দ্বাৰা শাসিত হৈচিল, পিচে এক ৰজাই প্ৰজা সকলক বৰকৈ যাতনা দিয়াত সকলোৱে তাক