বুঢ়া মানুহে মুৰ জোকাৰি কলে বোলে তুমি তোমাৰ ককাই এৰাক যেনে অজ্ঞান পাতিচা তেনে হব না পাই।
পিচে সিহঁত হাবিয়ে বনে বাটে অবাটে পৰ্ব্বত নৈ চেৰাই ৰদে বৰ খুনে ভালেমান ঠাই ফুৰিলে, কিন্তু এই বোৰ দুখকো দুখ নুবুলি সোন চাই২ এঠাইত কিচু সোন পালে।
এই সৌভাগ্যত বৰ উৎসাহ পাই যি ঠাইত সোন পালে তাতে খানিব ধৰিলে কিন্তু তাতে সিবিলাকৰ খাদ্য দ্ৰব্য গোটেই ঢুকাল। সিবিলাকে ভালেমান সোন পালে হয় কিন্তু ভোকত অতি কষ্ট পালে তেও শ্ৰম কৰি হে আচিল আরু ফল মূল খাই প্ৰাণ ধাৰণ কৰিয়াচিল।
কিন্তু শেষত তাকো নোপাৱা হলত আরু সিবিলাকৰ ভিতৰৰ কেইটা মানৰ দুখত প্ৰাণ নাশ হলত যি কেইটা ৰল সিহঁতে যি সোনৰ পৰা ইমান দুখ পাইচিল তাকে লৈ এলঞ্জোক যত এৰি আহিচিল তালৈকে পেট পেলাই২ চুঁচৰী জাব পাৰিলে মাথোন।
ইহঁত ইফালে সোন বিচাৰিব লাগিচিল সিফালে এল ঞ্জোৱে কি হব তাক আগেই জানি এডোখৰ ভাল চাই মাটি বিচাৰি লৈ লগত অনা গরু আরু মানুহেৰে হাল বাই চাহ কৰিলে। পিচে সি তাতে লগত অনা গুটি আরু আলু ইত্যাদি বই অনেক সহ পালে। মেৰ চাগ বোৰ যে আনি চিল তাক সাগৰৰ তীৰৰ এখন পথাৰত চৰোৱাত গায়ে পতি দুটাকৈ পোৱালী হল; ইয়াত বাজে পিজাৰো উভতি অহা