(২১১)
কৃপাবান, সৰ্ব সত্য, সৰ্বোত্তম।.ভূতে সদাই মনুষ্যক পাপ
কৰিবলৈ লোৱাইছে কিন্তু ঈশ্বৰৰ দূতে সদাই থাকি বিশ্বাসী
বিলাকক ধৰ্মোপদেশ দিচে আৰু বিশ্বাস কৰে বোলে
শেষ দিনা সিবিলাক সকলোৰে শৰীৰ আকৌ উঠিৰ আৰু
যিশু খ্ৰিষ্ট পৃথিবীৰ অন্তত আকৌ আহি সকলো মনুষ্যতে
সোধ সুধি সিবিলাকক কৰ্ম্মানুসাৰে দণ্ড বা পুৰষ্কাৰ কৰিব
অৰ্থাৎ পুণ্যৱন্ত সকল ঈশ্বৰৰ আগত থাকি স্বৰ্গৰ চীৰস্থায়ী
সুখ ভোগলৈ জাব কিন্তু পাপী আরু দুষ্ট বিলাক নৰকৰ
কেতিয়াও নুনুমোৱ জুই পৰিব।
খ্ৰিষ্টিয়ান সমূহক খ্ৰীিষ্টিয়ান মণ্ডলী বোলে আরু বাপ্তিস্মৰ সংস্কাৰ দ্বাৰা সেই মণ্ডলীলৈ সোমাব পাৰি আৰু সহভাগৰ চিন প্ৰভু ভোজনৰ সংস্কাৰ।
খ্ৰীিষ্টিয়ান বিলাকৰ পুৰোহিত আচে আরু সিবিলাকেই ধৰ্মোপদেশ দিয়ে আৰু প্ৰাৰ্থনা কৰে। খ্ৰিষ্টিয়ানৰ ধৰ্ম্ম পুস্তক বাইৱল সিবিলাকৰ ব্ৰত আরু পৰ্ব্ব আচে। আরু সপ্তাহৰ প্ৰথম দিন অৰ্থাৎ ৰবিবাৰে যিশু আকৌ গোৰৰ পৰা উঠিচিল হেতুকে সেই দিনা প্ৰাৰ্থনা কৰে।
খ্ৰিষ্টিয়ান ধৰ্মে ধনক প্ৰীতি কৰা আরু তাক পাবলৈ বিচাৰা, অহঙ্কাৰ, প্ৰতিহিংসা, ব্যভিচাৰ ক্ৰিয়া, লোভ, প্ৰতা ৰণা, নিন্দা, গৰ্ব্ব, সৰহকৈ খোৱা, খোৱাপিয়া আরু পিন্ধাত অসাৱধানতা, গোচৰ, ক্ৰোধ, দন্দ, শত্ৰুতা, বিবাদ এই সকল কৰ্ম্ম কৰিবলৈ টানকৈ হাক দিয়ে কিন্তু নম্ৰতা, মৃদুতা, ধৈৰ্য্য