সমললৈ যাওক

পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/১৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ১৮৮ )


উঠি্‌ ব্ৰহ্মপুত্ৰত পৰিচে ) চাউল খোৱা, কালদিয়া, ন নদী, বৰলিয়া, ৰৌৰৌৱা, বৰ নদী ইত্যাদি। দক্ষিণ পাৰেও ভালে মান সরু২ নদী আছে।

 কামৰূপ জিলাত গুয়াহাটী নগৰ ইয়াকে শাস্ত্ৰত প্ৰাগ জ্যোতিষ্পুৰ বোলে। অসম ৰজাৰ দিনতো এই খন বৰ নগৰ আচিল আরু কামৰূপৰ অধিপতি বৰফুকন ইয়াতে বাস কৰিচিল আরু এতিয়াও কমিচনৰ সাহাব আরু জিলাৰ অধিপতি সাহাব বিলাক ইয়াতে থাকে। এই নগৰক পৰ্ব্বতে বেৰি আছে আৰু সি লুইতৰ পাৰতে, পূৰ্ব্বে তাৰ চাৰিও ফালে গড় আচিল আৰু ইয়ালৈ সোমোৱা চকি আচিল সেই বোৰৰ চিন আজিলৈকে আচে। ইংৰাজ আহিবৰ পৰা এই নগৰ ক্ৰমে ভাল হৈচে।

 দৰঙ্গ জিলা ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে, তাৰ উত্তৰ সীমা ভোট, অঁকা আরু ডফলাৰ পৰ্ব্বত, পূবে কবি জান, পশ্চিমে বৰ নদী। এই জিলাত বৰ২ পাঁচ ভাগ আচে অৰ্থাৎ দৰঙ্গ, চাটগাৰি, চুটিয়া, চাই দুৱাৰ আরু ন দুৱাৰ। এই কেই ভাগকো আকৌ মৌজাকৈ ভাগ কৰা গৈচে। এই জিলাৰ প্ৰধান নদী মঙ্গলদৈ, মৰা ধনসিৰি, জিয়া ধনসিৰি ইত্যাদি। পূৰ্ব্বে দৰঙ্গ জিলাৰ অধিপতি সাহাব সকম মঙ্গলদৈত আচিল কিন্তু এতিয়া তেজপুৰত থাকে। এই জিলাতে বিশ্বনাথ নামে এক ঠা্ই‌ আছে তাতে শিৱৰ দেৱালয় এখন আচে।

 নগাওঁ জিলা ব্ৰহ্মপুত্ৰৰ দক্ষিণে; তাৰ পূবে ধনসিৰী নদী,