পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/২০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ১৯৪ )


নামৰূপৰ চৰাইখোৰোঙ্গলৈ ভাগি গল। পিচে বাৰিখা হলত বঙ্গাল হঁতৰ খাবৰ নাইকিয়া হলত আৰু মাউৰ লাগি অনেক সৈন্য মৰিলত নবাবে সন্ধি কৰিবলৈ ইচ্ছা কৰাত স্বৰ্গদেৱে বন্দি ১০০, বেটি ১০০, হাতি ৩০ টা, সোন দুহেজাৰ, ৰূপ বাৰে হেজাৰ, এই খনি জৌতক দি সালঙ্কৃতাকৈ ৰমণি গাভরুক আৰঙ্গজেব পাতচালৈ দিলে নবাবে দেশ এৰি দি ভটিয়াই গল।

 মোৱামৰিয়াৰ উপপ্লবৰ বিবৰণ এই। চুকাফা ৰজাৰ পৰা ৩০ জনা ৰজা হৈ ১৬৩৬ শঁকত শিৱসিংহ স্বৰ্গদেৱেই ৰজা হল, কিচুকালৰ মুৰত তেঁওৰ চত্ৰ'ভঙ্গ যোগ হৈছে বুলি ফুলেশ্বৰী আইকুঁৱৰি দেৱক বৰ ৰজা নাম দি চত্ৰ দিলে, এনেতে তেঁও শুদ্ৰ মহাজন কেতবোৰে গোঁসানিক নেমানে বুলি শুনি দুৰ্গোৎসৱ পূজাত মোৱামৰাৰ মহন্তকে আদি কৰি কেইজন মানক অনাই বৰ ৰজাই গোঁসানি সেৱা কৰাই সিন্দুৰ ৰঙ্গা চন্দন, বলিৰ ৰক্ত ইত্যাদিৰে ফোট দি নিৰ্ম্মাল্য প্ৰসাদ লোৱাই কিছু দুৰ্গতি কৰাত মোৱামৰা মহন্তে সকলোতকৈ পেটে মৰণ ওল্য মানি ললে। এয়েই মোৱামৰিয়া উপদ্ৰৱৰ ঘাই হেতু। এই দুৰ্গতিৰ প্ৰতিকাৰ কৰিবলৈ ৰাজেশ্বৰ সিংহ স্বৰ্গদেৱৰ দিনত পুরুষাৰ্থ কৰিচিল, কিন্তু নোৱাৰিলে, শেষত চুকাফা ৰজাৰ পৰা ৩৩ জনা ৰজা হৈ ৩৪ জনা অৰ্থাৎ লক্ষ্মীসিংহ স্বৰ্গ দেৱৰ দিনত ১৬৯১ শঁকৰ আঘোনত মোৱামৰিয়াৰ খোৰা আরু ৰাঘ মৰাণ দুয়েই মুখ্য হৈ খোৰা মৰাণৰ