পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ভূমিকা ৷

বোধ গম্য ভাষায় লিখিত হোৱা আৱশ্যক, কিয়নো সংস্কৃত বা ইংৰাজি ভাষা বুজিব পৰা হবলৈকে যি শ্ৰম আরু কাল লাগে বোধ গম্য ভাষাত সেই শ্ৰম নালাগে প্ৰথমেই সক লোৱে নানা বিদ্যা বিষয়ক পুস্তক সকল পাঠ্ কৰিবলৈ আশু ক্ষম হয়, সুতৰাং ন্যুন পৰিশ্ৰমাবশ্যকতায় লোক সকলৰ সেই বোধগম্য ভাষাৰে লিখিত পুস্তক পঢ়ি বলৈ প্ৰবৃত্তি জন্মিব। কিন্তু এনেকুৱা পুস্তক কত আচে? অনেক গুণবান আরু সক্ষম মহাশয় সকল আছে কিন্তু অদ্যাপিও কেৱে অসম দেশৰ উপকাৰলৈ এনে কোনো পুস্তক ৰচনা ন কৰি লে সেই নিমিত্তে মুঠে্ নোহোৱাতকৈ এক প্ৰকাৰ হোৱা ভাল, এই সকল বিবেচনা কৰি নানা বিদ্যা আরু নীতি বিষ য়ক “অসামিয়া লৰাৰ মিত্ৰ নামে" কেত বিলাক পুথি ৰচনাত প্ৰবৃত্ত হৈচোঁ; আৰু সম্প্ৰতি ভালেমান পুরুষাৰ্থেৰে ইংৰাজী ভাষাৰে লিখিত নানা নীতি ধৰ্ম্মশাস্ত্ৰ সকলৰ পৰা উদ্ধৃত কৰি অসম দেশীয় বালক গণৰ শিক্ষাৰ্থে এই পুস্তক ভাষান্ত ৰীত কৈ ৰচনা কৰিলোঁ তাত অনেক অশুদ্ধ আচে আৰু এনে কৰ্ম্ম আমাতকৈ নিপুণ লোকে কৰি বৰ হে যোগ্য, কেৱে নকৰাত এই কৰ্ম্মত প্ৰবৰ্ত্ত হবলৈ সাহস কৰিলোঁ; পৰন্তু বিজ্ঞ মহাশয়সকলে অশুদ্ধাদি ক্ষমা কৰিব, কিয়নো যশস্যা পোৱা আমাৰ অভিপ্ৰায় নহয়, কেনেকৈ দেশোপকাৰ হব এই হে প্ৰধান ইচ্ছা।

অসম গুৱাহাটী।
শঁক ১৭৭১ তারিখ ২ জ্যৈষ্ঠ।