পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(১৬)


কৰে, আরু তাৰ মুখৰপৰা কেতিয়াও এটিও বেয়া কথা নোলাই।

 তোমাৰ সময় সৎকৰ্ম্মত ব্যয় কৰিবা। সময় এতিয়া আছে কিন্তু বতাহৰ নিচিনা উৰি শীঘ্ৰে জাবগৈ। সময় যদি এবেলি গল সি আকৌ উভতি নাহে আৰু এক তিলাৰ্দ্ধ সময়ো সোনৰ ভঁৰাল উবুৰিয়াই দিও কিনিব নোৱাৰি।

 বেয়া মানুহ আৰু বেয়া লৰাৰ বাট এৰি সৎকৰ্ম্ম কৰা, তোমাক কুবাটৰ পৰা ৰক্ষা কৰিবলৈ ঈশ্বৰক প্ৰাৰ্থনা কৰা ঈশ্বৰে তোমাৰ কথা শুনিব। যোনে সৈতে ওমলা তাকা বেজাৰ নিদিবা, কিন্তু মৰম কৰিবা; ধেমালি কৰাৰ সময়ত অসজ্‌ কথা নকবা, তেহে ঈশ্বৰে আরু সৎ লোকে তোমাক চেনেহ কৰিব।

 আন মানুহে তোমাক যেনে কৰিলে তুমি ভাল পাবা তুমিও তেনেকৈ তাহাঁতৰ প্ৰতি কৰিবা, অৰ্থাৎ আন মানুহে তোমাক গালি পাৰিলে তুমি ভাল পাবানে? মৰম কৰিলেহে ভাল পাবা; তেনেকৈ তুমিও ভাবিবা যে মোকগালি পাৰিলে ময় যেনে ভাল নেপাও সিহঁতেও ময় গালি পাৰিলে ভাল নেপাই, এতেকে মোৰ নিচিনা মৰম কৰিলহে ভাল পাব। এই কথা অনুসাৰে, যদি তুমি চলা। তেহে তুমি সুবাটে গৈচা বুলি জানিব।

 এই সংসাৰত তুমি যি কৰ্ম্ম কৰা তারেহে ঈশ্বৰে তোমাৰ সোধ সুধিব; অৰ্থাৎ তুমি যদি পৃথিবীত সৎকৰ্ম্ম কৰা