পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৪১ )


BENEFICIENCE ITS OWN REWARD.

দানৰ পুৰস্কাৰ।

 এক বৰ মৰমিয়াল সুতাৰ এদিন এক নগৰৰ পৰা আন এক নগৰলৈ জাবৰ ইচ্ছাকরি বাৰে টকা ৰূপ বাটত ভাঙ্গি খাবলৈ ললে।

 কিন্তু যাত্ৰা কৰিবৰ অল্প আগে সি এটা মানুহক বৰ অসন্তোষকৈ জোৱা দেখি তাৰ ওচৰলৈ গৈ সুধিলে বোলে তোমাক দুখৰ পৰা আমি উব্ধাৰ কৰিব পাৰোঁনে? তাতে সেই মানুহে তাৰ দয়া দেখি তাৰ দুখৰ কথা সকলোকে এই বুলি ভাঙ্গি কলে বোলে দহ টকা ৰূপ দিব নোৱৰাত আজি মোক লৰা তিৰোতাৰ তৰ পৰা বন্দি সাললৈ নিব।

 তাতে সেই মৰমিয়াল সুতাৰে সুধিলে বোলে তোমাক তাতকৈ অধিক নেলাগে নে? ময়েসৈতে আহাঁ মোৰ পেৰাত ১২ টকা ৰূপ আচে সেই খনি এটাই তোমাৰ; এই বুলি সি তাক বাৰ টকা ৰূপ দিলে।

 পাচ দিনা তেঁওৰ এক মিত্ৰে সুধিলে বোলে তুমি এটা মানুহক তাৰ লৰা তিৰোতাই সৈতে মহা দুখৰ পৰা উদ্ধাৰ কৰিচা বোলে হয়নে? তাতে সুতাৰে কলে বোলে হে মিত্ৰ ময় কালি এবাহ পৰিয়ালে সৈতে কেনে সুখেৰে ভোজন কৰিচোঁ সিহঁতে চকুৰ পানিৰে মোৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ

কৰি গৰাহে২ মোক আশীৰ্বাদ কৰিচিল।