পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/১৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ১৭১ )


মলিয়া, মাজে২ একোটা ধনৱন্ত মনুহৰ বৰ অট্টালিকা কিন্তু চাৰিও ফালে ওচৰত খেৰৰ বা খাপৰিৰ পজা, দেশী মানুহ থাকা খণ্ডৰ ভিতৰত বৰ বজাৰ নামে এক্‌ ঠা্ই‌ আচে ভাৰ নিচিন মলিন আরু অধিক মানুহ থাকা ঠাই কলিকাতাত প্ৰায়েই নাই আরু সি প্ৰধান বেপাৰৰ ঠা্ই‌।

 কলিকাতা নগৰত ভালে মান আলি আচে আরু ইংৰাজ টোলাৰ আলি বোৰৰ কোখৰে২ ইটাৰ খাৱই আচে সেই খাৱইৰে কলৰ দ্বাৰা গঙ্গাৰ পানি জাই নগৰৰ লোকৰ অনেক উপকাৰ কৰে কিন্তু বঙ্গালি টোলাৰ সৰহ আলিত এনে খাৱই নাই। ৰাতি হলে লোকৰ গমনাগমনলৈ প্ৰতি আলিৰ মুৰতে চাকি লগায় আরু গঙ্গাৰ তীৰ ৰ গোটেই আলি টোতে সাৰি কৰি লেণ্টেন লগাই। সেই নিমিত্তে বিদেশী মানুহগলে প্ৰথমে কিবা মহোৎসৱ হৈছে বুলি ভাবিব পাৰে।

 কলিকাতাৰ সন্নিকটত মহাৰাষ্ট্ৰ সকলৰ দৌৰাত্ম্য নিবাৰণ কৰিবৰ নিমিত্তে এক মহা নালা খানিচিল সি আজিলৈকে আচে আরু তাত বৰ সুন্দৰ সাঁকো কেই খন মান আচে। কলিকাতা নগৰৰ বাহিৰে অনেক উপনগৰ আচে তাত ধন ৱন্ত মানুহ সকলৰ সুন্দৰ২ উদ্যান আৰু অট্টালিকা আচে। আরু নগৰৰ সন্নিকটত কালি ঘাট নামে এক দেৱালয় আচে তালৈকে অনেক যাত্ৰী জায় কিন্তু নগৰৰ মধ্যতো দেশীয় লোক সকলৰ মাজে২ ভালে মান স্থাপিত শিৱ মন্দিৰ আচে