পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/১৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ১৪৮ )


“OF THE CITY OF LONDON.”
“লণ্ডন নগৰৰ বিবৰণ।”

 ইংলণ্ড দেশৰ ৰাজধানী লণ্ডন নগৰ তেমস্ নদীৰ পাৰত ’ৰোমান বিলাকে যেতিয়া ইংলণ্ড জয়কৰি সিহঁতৰ অধীন কৰিলে তেতিয়াও এই নগৰৰ নাম লণ্ডন আচিল। এহেজাৰ বচৰ হৈচে ইংলণ্ডৰ মহাখ্যাত বৰ আলফ্ৰেড ৰজাই লণ্ডনক ৰাজধানী পাতিলে। জোৱা দুশ মান বচৰৰে পৰা এই নগৰ দুগুণে বাঢ়িচে। সি সমুদ্ৰৰ পৰা ত্ৰিশ ক্ৰোশ অন্তৰ আরু তাক তিনি ভাগ কৰা গৈছে, দুভাগ তেমস্ নদীৰ দক্ষিণে, এভাগ উত্তৰে। সি দিঘল চাৰি ক্ৰোশ, পুতলে সকলো ঠাইতে সমান নহয় কোনো ঠাইত তিনি ক্ৰোশ কোনো ঠাইত পাঁচ ক্ৰোশ॥

 লণ্ডন নগৰৰ ৰাজ-আলি বোৰ বৰ বহল আরু দিঘল, আরু পৃথিবীৰ সকলো নগৰৰ আলিতকৈ ভাল। তাৰ প্ৰতি আলিৰে তিনি২ ভাগ আচে, মাজ ডোখৰ বৰ২ শিলেৰে বন্ধোৱা, আরু তাত অকল ৰথ আরু ঘোৰা চলে, দুইও কোখৰ বৰ সুন্দৰ২ শিলেৰে বন্ধোৱা তাৰে অকল মানুহ অহা জোৱা কৰে। দুইও কোখৰৰ বাটৰ তলত বৰ২ খাৱই আচে তাৰে নগৰৰ মলি তেমস্ নৈত পৰেগৈ; একোটা ৰাজ আলিত ইমানহে গাৰি, বগি চলে যে একো আলিতে দিনত ৭০০ সাতশ গাৰি ইত্যাদি জোৱা অহা কৰে, লণ্ডন নগৰত প্ৰায় বাৰে হেজাৰ ৰাজ আলি আরু গলি (অৰ্থাৎ ঠেক বাট)