পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/১৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ১৩৭ )

সিংহৰ সৰু২ পোৱালী বোৰ সৰু২ কুকুৰৰ মান হে ডাঙ্গৰ আৰু চাগলি পোৱালীৰ নিচিনাকৈ দুষ্টামি নকৰাকৈ ধেমালি কৰে।

 সিংহ ইউৰোপলৈকো পোহনিয়া কৰি নিচে আৰু ইংগ্লণ্ড দেশতো আচে। পূৰ্ব্বে ৰোম দেশৰ পাত্‌চা বোৰে জুজলগাই ৰঙ্গচাবলৈ অনেক সিংহ অনাই থৈচিল আৰু চিজৰ নামে _ ৰজাৰ দিনত ৪০০ আৰু পম্পিৰ দিনত ৬০০ সিংহ এই নিমিত্তে আচিল।

 কোনো এক সময়ত সিংহ ৰখিয়া এটাই এফেৰিও ভয় নকৰাকৈ সিংহে সৈতে ধেমালি কৰি তাৰ জিবা আৰু দাঁত টানি উমলি থাকে। লণ্ডন নগৰৰ ওচৰৰ এক গাঁৱত সেই সিংহকলৈ তাৰ মুখ মেলি তাৰ ভিতৰত আপোনাৰ মুৰ সুমাই কিছু মান পৰ থাকি কথা কই, ওচৰত থকা মানুহত সিংহে নেগুৰ লৰাই চেনে নাই বুলি সুধি নাই বুলি বলে কিছু মান পৰ থাকে কিন্তু লৰাইচে বুলি শুনিলে সিংহৰ খঙ্গ উঠা জেন জানি সি মুৰ বেগে উলিয়াই আনে; এই দৰেৰঙ্গ দেখুৱাই সেই মানুহে ভালেমান ধন পালে।

 বৰচেল্‌ নামে এজন সাহাবে আফ্ৰিকাদেশ ভ্ৰমন কৰোঁতে সিংহৰ হাতত পৰাৰ এই কথা লিখিচে; আমি আদ ক্ৰোশ মান নদীৰ তীৰে২ আহি আচেঁ৷ চাৰিও ফালে হাবি আচিল এনেতে আমাৰ লগৰ কুকুৰ বোৰে বৰকৈ ভুকিব ধৰিলে পিচে চাই দেখিলোঁ যে সিংহ এটা পিচে কুকুৰ বোৰক