সমললৈ যাওক

পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ২৪ )



THE FARMER AND HIS SONS.

এক খেতিয়ক আরু তাৰ পুতেক হঁতৰ কথা।

 এক খেতিয়ক মৰিবৰ সময়ত আপুনি যেনে ধাৰ্ম্মিক হৈ চলিচিল, পুতেক হঁতকো তেনেকৈ চলাবৰ মনে তাৰ দুই পুতেকক বিচনাৰ ওচৰলৈ মাতি নি কলে বোলে হে মোৰ প্ৰিয় লৰাহঁত তহঁতলৈ এৰি জাবৰ মোৰ আন একো নাই অকল মোৰ খেতিৰ মাটি বাৰি খনিহে আচে তাৰে ওপৰত তহঁত দুইকো অধিকাৰ পাতিলোঁ আরু মোৰ এই বাঞ্ছা যে ময় মৰিলে তহঁতে মোৰ কথাত মান্য কৰি ময় যি এৰি জাঁও তাক তহঁতে কেতিয়াও এৰি নিদিবি। মোৰ জি খনি ধন তাক মোৰ বাৰিৰ এঠাইত এহাতে মাটিৰ তলত পুতি থৈচোঁ, ময় উঠিব পৰা হলে গায়ে গৈ দেখুৱালোঁ হঁতন, এতেকে হে লৰাহঁত তহঁত থাক, সকলো কৰ্ম্মতে ন্যাহ্য হৈ দুই ও মিলে প্ৰীতয়ে থাকিবি কিন্তু বাৰি আরু মাটিৰ কথা যি কলোঁ তাক নে পহেৰিবি।

 পিচে সেই খেতিয়ক মৰিলত পুতেক হঁতে পুতি থোৱা ধন বিচাৰি বলৈ ধৰিলে আরু এই ভাবিচিল বোলে আমি এই ধন পালে ৰজাৰ কোঁৱৰৰ নিচিনা হৈ খাই থাকিব পাৰিম। পিচে সিহঁতে গোটেই খন বাৰিকে খানি ধন নেপালে হয় কিন্তু খনাত বাৰি চাহ হৈ তাতে ভালেমান সহ ধৰিলে আরু তাকে বেচি সিহঁতে শেষত ধনকো পালে। ইয়াকে দেখি সিহঁতে খেতি কৰিলে কি লাভ হয় তাকে জানি