পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/১৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১২৭)


USEFUL KNOWLEDGE

নানা সম্বাদ।

 হে প্ৰিয়লৰা বিলাক, তোমোলাকে যি পৃথিবীত বাস কৰা সিনো কেনে, আরু তাতনো কি আছে, তোমলাকে অদ্যাপিও নাজানা; আরু জগতৰ নানা দেশৰ কথা ভুনাপাই আন দেশো আমাৰ দেশৰ নিচিনা বুলি ভাবিব পাৰা, কিন্তু পৃথিবীৰ সকলো ঠাইয়েই একে দৰৰ নহয়, এক দেশৰ মানুহে যি খায় পিন্ধে, যি ঘৰত থাকে, যি ভাষা কয়, যি ধৰ্ম্ম মানে আরু যি দৰে চলে আন দেশৰ মানুহে তেনেকৈ নচলে; এক দেশৰ মানুহ বোৰ অতি বগা, এক দেশৰ বা অতি কলা, আরু এক দেশৰ বা তামাবৰনিয়া, কোনো দেশক ৰজাই কোনো দেশক প্ৰজাই শাসন কৰে, কোনো দেশত বৰ জাৰ, আরু কোন২ দেশ বৰ গৰমি, আরু এঠাইত বা ঈশ্বৰক এক দৰে পূজা কৰে এঠাইত বা অনাদৰে পূজা কৰে; আরু ইয়াত বাজে নানা দেশত নানান বিধৰ গচ, বন,ফুল, পশু, চৰাই, কীট, পতঙ্গ, ধাতু ইত্যাদি বস্তু হয়; এই সকল কথা তোমোলাকে জানিবলৈ পুরুষাৰ্থ কৰিব পোৱা,কিয়নো তাৰ পৰা অনেক উপকাৰ হয় আরু তোমলাক জ্ঞানী হবও পাৰিবা, তাৰ সংক্ষেপ বিৰৰণ আমি লেখিলোঁ মন দি পঢ়ি না পাহৰিবলৈ যতন কৰিবা।