পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/১২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১১২)

গালি পৰা কথা কলে তেঁও এই সমিধান দিচিল বোলে তাহাঁতে যদি অকাৰণে মোৰ স্বভাৱত কলঙ্ক দিয়ে তেন্তে তাৰ সলনি দণ্ড নকৰি দয়াহে কৰিব লাগে কিন্তু কেৱে যদি মোক সকাৰণে অপৱাদ দিয়ে তেন্তে তাক দণ্ড কৰা অন্যায় কিয়নো সিহঁতে মোৰ সঁচা কথাহে কইচে।

ALCIBIADES A LESSON TO PRIDE.

আলচী বিদিচিৰ আখ্যান।

 আলচি বীদিচ্ নামে এজন ধনৱন্ত মানুহ গ্ৰীক দেশত আচিল তেঁও আপোনাৰ ধন সম্পত্তি আরু মাটিৰ কথা কই অহঙ্কাৰ কৰোঁতে তেঁওৰ গুরু সক্ৰেতীচ্ তেঁওক পৃথি বিৰ মূৰ্ত্তি এখন দেখুৱাই আটিকা দেশ (অৰ্থাৎ যি দেশত এথেন্সন নগৰ আচে। আরু সেই নগৰতে তেঁওৰ বৃত্তি বিচাৰি উলিয়াব দিলে সেই দেশ অতি ক্ষুদ্ৰ আচিল দেখি তেঁওৰ চক্ষু গোচৰ নহল, পিচে অনেক শ্ৰম কৰি দেখিলত সক্ৰেতীচে আকৌ আটিকা দেশত তেঁওৰ মাটি উলিয়াব দিলত তেঁও কলে বোলে সি অতি ক্ষুদ্ৰ হেতুকে নেদেখি তাতে গুরুৱে কলে বোলে চোৱাচোন এই অদৃশ্য এক বিন্দু ঠাইতে তুমি কিমান অহঙ্কাৰ কৰিব লাগিচা।

FORCE OF HABIT.

নিত্য কৰ্ম্মৰ ফল।

 চীন দেশৰ এক পাত চাই প্ৰথমে সিংহাসনত উপবিষ্ট