পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৪৭)

আকৌ পুৰ্ব্বৰ অৱস্থালৈ জাবৰ অনুমতি পাবৰ প্ৰাৰ্থনা কৰিলে।

 এই বুধিৰে ডাইওনিচিচ ৰজাই ধন সোনৰ মাজত থাকি ও আরু ৰজাই ভোগ কৰা সুখ ভোগ কৰিও যে সদাই অসুখী আচিল তাকে হিমকণ্টচক জনালে।


LYING .

মিচা কথা।

 মিচা কথা কোৱা সদাই নীচ মনৰ হে চিন, মিচলিয়া নামা যি মানুহে পায় সি সকলোৰে আগত যি লাজ পায় তাৰ কথা ময় নকঁৱেই, মিচলিয়া যি সি লৰাই হক বা চোৱালিয়েই হক ধনৱন্তেই হক বা দুখিয়াই হক আরু মুনিহেই হক বা তিৰোতাই হক সকলো সমান; মিচলিয়াক যোনে চিনে সেয়েই ঘৃণা কৰে আরু তাৰ কথা সঁচা হলেও কেবে নপতি য়াই, সি কোনো সময়ত মানুহৰ সহায় খুজিলে তাৰ কথা মিচা বুলি কেবে নুশুনে।

 সকলো বিধৰ মিচা কথাই বেয়া যি মিচা কথাৰে তুমি কাৰো দন্য কৰা সি তত বেয়াই, কিন্তু যি মিচা কথাৰ পৰা কাৰো দন্য নহয় সিও বেয়া।

 কোনো ভাল কৰ্ম্ম কৰিচা হেন বুলি যদি তুমি মিচাকৈ দৰ্প কৰা তেন্তে তাৰ দ্বাৰা মানুহক চলা আরু যদি কোনো কুকৰ্ম্ম লু কাবলৈ মিচা কোৱা তেন্তে তাৰ দ্বাৰা দোষৰ ওপ-