পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৫২ )


THE KIND GIRL.

কনা চোবা্লি‌ৰ কথা।

 নাৰায়ণী নামেৰে এজনি চোৱালী আচিল তাই একো কৰ্ম্ম মন লগাই নকৰি পঢ়িবলৈ পাঠ দিলে বৰ টান বুলি কান্দি নোৱাৰোঁ বুলি পেলাই থৈ সাধু কথা পঢ়িবলৈ ভাল পাই চিল আরু লাহে২ নিশিকি সকলোকে একে লগে শিকি বৰ ইচ্ছায় আটাই কৰ্ম্মকে হেলা কৰি পিচে অজ্ঞান হবৰ উপক্ৰম কৰিলে।

 এদিন তাই লগৰিয়া এজনিয়ে সৈতে ফুৰিবলৈ জাওঁতে বাটত বৰখুনে পালত আলিৰ কোখৰৰ পজা এটাত্ লৰি সোমাল গৈ; পজাৰ ভিতৰত্ আন কেৱে নাচিল অকল এজনি বাৰ বচৰিয়া কনা চোৱালি নাম গাই২ কাপৰ সিব লাগিচিল।

 ইয়াকে নাৰায়ণীয়ে দেখি বৰ আচৰিত হৈ সুধিলে বোলে তুমি কনা হবৰ আগৈ সিবলৈ শিকিচানে? তাতে সেই কনা চোৱালিয়ে কলে বোলে ময় কনা হৈ উপজিচোঁ; ইয়াকে শুনি নাৰায়ণী আগতকৈও আচৰিত হৈ কলে, তুমি নো কেনেকৈ ববলৈ শিকিলা? ভালেমান দুখ আরু বেজাৰ পাইচিলা হেন পাঁও।

 কনা চোৱালিয়ে কলে বোলে আইটী হয় ময় প্ৰথমে বেজাৰ পাইচিলোঁ, কিন্তু মনদি শিকিলত বেজাৰ গুচিল আরু ময় এতিয়া দুখিয়া আই বোপাইৰ হৈ বৰকৈ শ্ৰম কৰোঁ।