পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/৩৮

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পেলাব পাৰে। ময় সদাই ঈশ্বৰৰ আজ্ঞা পেলাই পাপ কৰিছোঁ। আরু সেই নিমিত্তে তেঁওৰ ভয়ানক ক্ৰোধৰ তলতিয়া হৈচোঁ। ঈশ্বৰে আমাক যি কৰিবলৈ হাক দিচে তাক কৰিলে আরু যি২ কৰিবলৈ আজ্ঞা দিচে তাক নকৰাকে পাপ বোলে। ঈশ্বৰৰ ক্ৰোধৰ পৰা ৰক্ষা পাবলৈ মোৰ পাপৰ নিমিত্তে অসন্তোষ কৰিব লাগে। ময় ঈশ্বৰক মোৰ পাপ ক্ষমা কৰি বলৈ প্ৰাৰ্থনা কৰিব পাঁও আৰু পাপ কৰ্ম্মৰ সলণি অসন্তোষ কৰি আশ্বলৈ ঈশ্বৰক সন্তোষ কৰিবলৈ পুরুষাৰ্থ কৰিব পাঁও। ময় যদি ইয়াকে কৰোঁ। তেন্তে মোক ঈশ্বৰে ক্ষমা কৰিব।


LEARNING WISDOM.
জ্ঞানশিক্ষা।

 হে প্ৰিয় লরা তোমাৰ আপোনাব ভাললৈ জ্ঞানি হোয়া আরু তোমাৰ মিত্ৰ সকলে ষি কয় তাক মনত সাঁচি থোৱা।

 এই পথিৱীত আরু পৰকালতো যেন তোমাৰ সুখ আরু শান্তি হয় সেই নিমিত্তে তুমি কুকৰ্ম্মৰ পৰা পলোৱা, পাপক ঘৃণ কৰা, আরু ঈশ্বৰক সকলো শক্তিয়ে সৈতে প্ৰেম কৰা? কিন্তু তুমি এই বোৰ কৰ্ম্ম ঈশ্বৰৰ সহায় নোহোৱাকৈ কৰিব নোৱৰা এতেকে তেঁওক প্ৰাৰ্থনা কৰা।

তুমি অতি নীচ আরু ক্ষুদ্ৰ মানুহৰ নিচিনা হৈ পৃথিবীৰ মিচা ঐস্বৰ্য্যত চিত নিদিবা, কিয়নো সেই বোৰ স্বপ্নৰ নিচিনা আরু শীঘ্ৰে গুচিব। এতিয়া তুমি যিবোৰ বুজৰ বস্তু