পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৭০)

 যি কৰ্ম্ম তুমি কৰিবলৈ ইচ্ছা কৰা তাক শীঘ্ৰে কৰা; যি কৰ্ম্ম ৰাতি পুৱা কৰিব পাৰি তাক গধুলিলৈ নথবা।

 আলাহ, দুখ, আরু অভাবৰ কাৰণ, কিন্তু ধৰ্ম্ম কৰ্ম্মত শ্ৰম কৰিলে সুখ পোৱা যায় শ্ৰমী মানুহৰ হাতে অভাবক নষ্ট কৰে; সৌভাগ্য শ্ৰমীৰ সঙ্গী।

 কোনে ধন ঘটিচে শক্তিৱন্ত হইচে আরু মান সৎকাৰ পাইচে?কাৰ নাম নগৰত সকলোৱে প্ৰসংশা কৰি কয়? কোনে ৰাজ সভাৰ আগত বহে? যি মানুহে তেঁওৰ ঘৰৰ পৰা আলহীক খেদে আরু কয় বোলে তয় মোৰ বৈৰী তেঁৱেই।

 এনে মানুহে অতি সোনকালে উঠে আরু পলমকৈ সোৱে; তেঁও মনক চিন্তাৰে আরু শৰীৰক শ্ৰমেৰে ভালে ৰাখে আরু উন্নতি কৰায়।

 কিন্তু সোৰোপা মানুহ আপুনি আপোনাৰ ভাৰ সময় বোৰ তাৰ মুৰত গধুৰ হৈ থাকে, সি আলাহিয়া হৈ ফুৰি কি কৰিব তাকো নজনা হয়। মেঘৰ চাঁ যেনেকৈ একো চিন্ এৰি নেজাই, তেনেকৈ তেঁওৰ দিন বোৰো একো চিন নথকাকৈ যায়।

EMULATION.

আস্পৰ্দ্ধা।

 তোমাৰ আত্মাই যদি মান্য পাবলৈ ইচ্ছা কৰে, আরু