পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/১৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ১৭২ )


কলিকাতা নগৰ ভাৰতবৰ্ষৰ ৰাজধানী, তেও তাক ৰক্ষাৰ নিমিত্তে গড় বা আন কোনো নিবাৰক নালাগে কিয়নো তাৰ আক্ৰমণ হোৱাই অসম্ভব,। যদিও সম্ভব হয় তেন্তে ইউ ৰোপীয় সকলো লোক কোঁঠ্ত‌ ঠাই পাব। এই কোঁঠ্‌ নদীৰ পূব পাৰে আৰু নগৰৰ নিচেই সমীপত। হিন্দুস্থানৰ সকলো কোঠ্ত‌কৈ ই দৃঢ় আরু সুৱনি। সি আঠ্‌ কোনিয়া পাঁচ কোণ নৈৰ পাৰতে। তাৰ তলতে নদী আচে সেই হেতুকে সেই ফালৰ পৰা আক্ৰমণ হোৱাৰ শঙ্কা নাই যদি হয় তেন্তে অকল নদীৰ পৰাহে হব পাৰে সেই নিমিত্তে সেই পিনে বৰ তোপ থৈচে আৰু তাৰ দ্বাৰা বৰ দুৰৈৰে আহা জাহাজকো মাৰিৰ পাৰি। এই কোঁঠৰ ভিতৰে প্ৰায় এখন নগৰৰ দৰে।

 কলিকাতা পুৰ্বে বৰ ক্লেশ দায়ক ঠাই আচিল কিন্তু এতি য়া হাবি বোৰ মুকলি হোৱাত ভাল হৈচে,। তেও সুন্দৰ বনৰ ওচৰ দেখি কেতিয়াবা২ বায়ু বেয়া হয়। কলিকাতা নানা দেশৰ মানুহ আচে গোটাই নগৰত মুঠে্‌ পাঁচ লক্ষ মান মানুহ বাস কৰে॥ এই নগৰস্থ মানুহ বিলাকৰ গোচৰ সুধিবৰ নিমিত্তে সুপ্ৰিম কোৰ্ট নামে মহাৰাণীৰ বিচাৰ স্থান আরু তাৰ তলতিয়া ছোট আদালত নামে এক বিচাৰাগাৰ আচে। প্ৰতি পাড়াই একে খন থানা আছে তাৰ ও পৰত মেজেষ্টৰ সাহাব আছে।

 এই নগৰতে ভাৰতবৰ্ষৰ অধিপতি শ্ৰীশ্ৰীগবৰ্ণৰ জেনেৰেল বাহাদুৰ বাস কৰে সেই নিমিত্তে ই ভাৰতবৰ্ষ