পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/২১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ২০১ )

 

GOVERNMENT OF ASAM BY THE ENGLISH.

ইংৰাজ কৰ্ত্তৃক অসম দেশৰ ৰাজ্য
শাসনৰ বিবৰণ।

 এই দেশ সম্প্ৰতি কিৰূপে শাসিত হৈচে আরু ইয়াৰ অধি পতি নো কোন ইয়াক অনেক লোকে নেজানি নানা দৰে ভাবে এতেকে আমাৰ দেশৰ ৰাজ্য শাসন আরু অধিপতি সকলৰ বিবৰণ তলত লিখা গল।

 সম্প্ৰতি আমাৰ দেশৰ শাসন কৰ্ত্তা কম্পানি বাহাদুৰ। কম্পানিৰ অৰ্থ এই; কে বোৰ মানুহ গোট খাই বাণিজ্য কৰিবৰ নিমিত্তে গায়ে পতি ধন তুলি মুঠ্‌ ধনেৰে উমইহতত বেপাৰ কৰিলে সেই মানুহ বিলাকক কম্পানি বোলে। ইংৰেজি ১৬০০ শঁকত ইংগ্লণ্ড দেশত এনে এক কম্পানিয়ে ৰাজাজ্ঞা পত্ৰ এখন লৈ ভাৰতবৰ্ষৰ লোকে সৈতে প্ৰথমে বাণিজ্য আৰম্ভ কৰিলে, তাতে ভালে মান লাভ পাই এই ৰূপে বাণিজ্য কৰি আচিল পিচে ১৬৬১ ইং শঁকত যুদ্ধ আরু সন্ধি কৰিবলৈ অনুমতি পালে তাৰে পৰা কম্পানিয়ে কাল ক্ৰমে গোটেই ভাৰতবৰ্ষকে অধিকাৰ কৰিলে। কিন্তু কম্পানি যি সি ইংগ্লণ্ডৰ সামান্য প্ৰজা, সেই নিমিত্তে সিবিলাকৰ দেশত একো অধিকাৰ নাই, ইংগ্লণ্ডৰ ৰজাৰহে এই দেশ কম্পানিক সনন্দৰ দ্বাৰা মুঠে্‌ শাসন কৰিবলৈ হে দিচে আরু তাকে চীৰকাললৈকে দিয়া নাই। ইংৰেজি ১৮৩৪ শঁকত ইংগ্লণ্ডাধিপে ভাৰতবৰ্ষ শাসন কৰিবলৈ কম্পানিক এক