পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৩১ )

লাকে বিমান পতিকৰা তিমান বাঢ়িব আরু যিমান হেল কৰা তিমান হাস হব আৰু তোমোলাকে তাৰ হৈ যি শ্ৰম কৰা তাৰ ফল পাবা।

 কৃষ্ণৰাম নামে সরু লৰাটি বৰ শ্ৰমী আচিল; সিতাৰ গচক বৰকৈ পতি কৰি গচৰ পোক এরুৱাই নে হালিবলৈ ঠেকা দি আরু ৰদ নিয়ৰ লাগিবলৈ গুৰি খালি দি চিল। সংক্ষেপ কৰি কব লাগিলৈ সরু কালত তাক মাকে যেনেকৈ প্ৰতিপাল কৰিচিল সি তাৰ আমগচক তাত কৈ ও অধিক কৈ পাতি কৰিলে।

 কিন্তু তাৰ ককাইএক মুক্তাৰাম ভায়েকৰ নিচিনা নহৈ ওৰে দিনটো পৰ্ব্বতত উঠি্‌ বাটরুৱাক দলিয়াই আচিল, আরু গাৱঁৰ লৰা বোৰে সৈতে মৰামৰি কৰি থাকোঁতে এদিন জুজ কৰোঁতে লাথিত ভৰিও ভাগি, এনেকৈ সি তাৰ গচক গোটেই হেলা কৰি শেষত তাৰ কথা কেতিয়াও নভবা হল; কিন্তু বাৰিখা এদিন অকস্মাৎ তাৰ ভায়েকৰ গচ ডাল আমৰ ভৰ ওলমি পৰা দেখি বৰ আচৰিত হল আরু তাৰ ডালো তেনেকৈ লাগিচে বুলি চাবলৈ গৈ দেখে যে গচ ডালত কেইটা মান শুকান পাতত বাজে আন একো নাই।

 ইয়াকে দেখি খঙ্গে আৰু হিংসাত জলি উঠি্ বাপেকৰ তলৈ গৈ কলে বোলে পিতা মোক তুমি কেনে গচ দিচিলা? ময় তাত দহোটা আমো নেপাম, কৃষ্ণৰামক তুমি ভাল ডাল