পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৬৯)

 পৰ্ব্বতৰ ওপৰৰ দুৰ্গৰ নিচিনা তেঁও মুৰ তোলে আরু লক্ষ্মীৰ কাৰ বোৰ তেঁওৰ ভৰিত পৰে।

 বিপদৰ সময়ত তেঁওক, তেঁওৰ মনৰ ধৈৰ্য্যতা আরু চিওৰ সাহে ৰক্ষা কৰে তেঁও জীবনৰ দুস্খে সৈতে ৰনুবাৰ নিচিনা হৈ সাক্ষাৎ কৰি জীকি আহে।

 দুখত পৰিলে তেঁওৰ সুস্থিৰ মনে সেই দুখক ন্যূন কৰে আরু তেঁওৰ ধৈৰ্য্যতাই দুখক পৰাভূত কৰে।

 কিন্তু ভয়াতুৰ মানুহে ক্ষুদ্ৰ মনৰ নিমিত্তে লাজ হে পায় অল্প বতাহতে যেনেকৈ বন হালি পৰে তেনেকৈ সিও দুখৰ চাঁ দেখিয়েই ভয়ত কম্পমান হয়; বিপদৰ সময়ত সি থৰবৰিয়া হয় আরু দুখত পৰিলে তাৰ আত্মা নৈৰাশ হয়।

APPLICATION.

পরিশ্ৰম।

 যি বোৰ দিন গৈছে সি চিৰকাললৈকে গৈছে, আরু যি বোৰ আহিব লগা সি বোৰ কিবা তোমালৈ নাহেই; এতেকে, হে মনুষ্য যি কাল গৈচে তালৈ চিন্তা নকৰি আরু যি কাল আহিব তাতে আসা নকৰি যি সময় এতিয়া তোমাৰ হাতত আচে তাৰে মাথোন সদ্ব্যৱহাৰ কৰা।

 এই মুহূৰ্ত্তক মাথোন তোমাৰ আহিব লগা মুহূৰ্ত্তক ভবিসৎ কালৰ গৰ্ব্ভত, সি কি ওপজাই তাক তুমি নাজানা।