পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ২৯ )


THE REFORMED BOY.

ভাল হোবা লৰাৰ কথা।

 এক লৰাই এখন ওখ পৰ্ব্বতত উঠি এটা পরুৱাক পৰ্বতৰ পৰা নমা দেখি পরুৱাত সুধিনে বোলে তুমি কর পৰা আহিচা পরুৱাই কলে বোলে ময় পৰ্ব্বতৰ সি ফালৰ পৰা আহিচো; তাতে সেই লৰাই সুধিলে বলে তুমি ইমান সৰু পৰুৱা হৈ পৰ্ব্বৎ কেনেকৈ ডেলা? পরৱাই কলে বোলে ময় গুৰিৰে পৰা পুরুষাৰ্থ কৰিছোঁ, সেই দেখি বৰ টান কথা হৈ মোৰ মনতবৰ কথা হেন নহল পরুৱাৰ এই উপদেশত সেই লৰা উদ্যমী হল,আৰু শ্ৰম কৰি কেই বচৰ মানৰ মুৰত পণ্ডিত হল।

তাৎপৰ্যআলাহ এৰি সদাই পুরুষাৰ্থ কৰিলে সরু মানুহে ও ডাঙ্গৰ কৰ্ম্ম কৰিব পাৰে আরু অল্প বুদ্ধিয়কেও পণ্ডিত হব পাৰে।

⸻⸻

THE ADVANTAGES OF GOOD COMPANY.

ভাল মানুহৰ সঙ্গ কৰা গুণ।

 এক লৰা পাঢ়শালিলৈ জাবলৈ বৰ আলাহ কৰিছিল, আরু এই ভাবিচিল বোলে তালৈ গলে অধ্যাপকে পঢ়াৰ কথা সুধিব আরু ভালেমান পৰ বন্দিয়াৰৰ নিচিনা হৈ থাকিব লাগিব। পিচে এদিন সি পঢ়াশালিৰ পৰা পলাই এখন কমাৰ সালত সোমাই কমাৰে ওৰে ঘঁহি কটাৰিৰ মুখ পাতল কৰা দেখি সধিলে বেলে তয় এনে চিকোন লো ডোখৰ কিয় ঘঁহি বেয়া