পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/১০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৮৯)

মুহূৰ্ত্তকো আপদৰ পৰা ৰক্ষা নপৰিল হঁতন। তোমোলাকে ঈশ্বৰৰ আজ্ঞা নামানি আপোন ইচ্ছাৰে, অকৰ্ম্ম কৰিলে তেঁও কিমান শান্তি কৰিব পাৰে তাক ভাবা, আরু এই কথাও না পাহৰিবা যে যি অকৃতজ্ঞ হৈ ঈশ্বৰে যি সজ বাটে জাব দিচে তাৰে নেজায় তাক তেঁও অৱশ্যে দণ্ড কৰিব।

 লৰাহঁত তেঁও কেনে মৰমিয়াল চোৱা, আমি তেঁওক বেলিয়ে২ পাহৰিচোঁ আমাৰ যেনে স্বভাৱ তেঁও হব দিয়া নাই সি হৈচে আরু যি কথা আমাক কবলৈ হাক দিচে তাকো কৈচোঁ; তেও. তেঁও আমাক মৰম হে কৰে আরু সদাই আমাৰ উপকাৰহে কৰিচে। এতেকে আমাক সকলোকে ঈশ্বৰে পৰকাললৈ নৌ নিওঁতেই তোমোলাক সকলোৱে চিত্ত সলাই তেঁওৰ আজ্ঞা পালক হোৱা। যি ঈশ্বৰক পাহৰিচে আরু কুকৰ্ম্মক প্ৰীতি কৰিচে তালৈ পৰকাল বৰ ভয়ানক হব, কিয়নো তাত পাপী বোৰে নভবা নুশুনা যাতনা পাব।

 হে প্ৰিয় লৰা সকল, ঈশ্বৰক ভয় কৰা, তেঁও তোমাক চিৰকাললৈকে প্ৰীতি কৰিব। ঈশ্বৰক নেপাহৰি চুৰ কৰা মিচা কথা কোৱা ইত্যাদি পাপক ভয় কৰাকে (নাইতে ঈশ্বৰে ক্ৰোধ কৰিব) ঈশ্বৰক ভয় কৰা বোলে। যি বোৰ লৰাই ঈশ্বৰক অসন্তুষ্ট কৰিবৰ ভয় কৰে সিবিলাকে আন একোকে ভয় কৰিব নালাগে, কিয়নো যোনে তেঁওক