(১০২)
কিয়নো তেনে কৰিলে তোমাৰ অভিলাষ আৰু অধিকহে হব।
তুমি এনে বস্তুত চকু দিবা যাৰ পৰা তোমাৰ মনৰ সেই অভি
লাষ গুচে। যি বস্তু আমাৰ নহয় তালৈ বৰকৈ চাই থকা
মিচা সময় ব্যয় মাথোন; আরু তেনে কৰিলে লাহে২ সেই
বস্তু পাবলৈ অভিলাষ হয়; বিশেষ শাস্ত্ৰতো যি বস্তু আমাৰ
নহয় তালৈ ইচ্ছা কৰিব হাক দিচে।
কোনো অজ্ঞান লৰাই বাটেৰে জঁওতে বজাৰৰ ভাল বস্তু দেখি তাকে চাবলৈ থমকি “কেনে সুন্দৰ বস্তু বুলি অভিলাষ কৰিলে ময় বৰ বিষম পাওঁ; কিয়নো এনেকৈ সি যি বস্তু তাৰ নহয় তালৈ ইচ্ছা কৰি২ শেষত সদাই অস- স্তোষ কৰি ঈশ্বৰে দিয়া বস্তুতে সন্তোষ ন হয়।
হে প্ৰিয়, লৰা বিলাক, পৰৰ বস্তুত লোভ নকৰিবা; তোমোলাকৰ যি আছে তাতে সন্তোষ হৈ থাকিব। এই উপদেশ পুথিৰ পাতত লেখা তোমোলাকে দেখিচা কিন্তু তাক তোমোলাকৰ চিত্তত লেখাই থোৱা।
“ BE COURTEOUS."
“শিষ্ট হোৱা।”
আমি সকলোৰে প্ৰতি শিষ্ট হব পাও, কিন্তু গৰ্ব্ব কৰা অতি বেয়া আরু সকলো বিধৰ অশিষ্ট ব্যৱহাৰ আরু অমান্য কৰাক এৰিব পাঁও কিন্তু লৰা বোৰে এই উপদেশ পাহৰি সদাই সিবিলাকতকৈ ডাঙ্গৰ জনক মান সৎকাৰ নকৰে,