পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/১৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ১৮৫ )


বাণিজ্য কৰিবৰ নিমিত্তে আকৌ ৰাজাজ্ঞা পত্ৰ এখন পালে; পিচে বেলিয়ে২ কিনি বিকি হিসাপ কৰিলত মুঠ্‌ ধন চকুৰি লক্ষ হল। এনেকৈ কম্পানিয়ে বেপাৰ কৰি আচিল এনেতে ইং ১৬৩৪ শঁকত দিল্লিৰ পাতচা সাজেহানে দক্ষিণলৈ ৰণ কৰিবলৈ জাওঁতে তেঁওৰ জিয়েক এজনিৰ কাপৰত জুইলাগি পোৰা গলত চুৰাট নগৰতে যে ইংৰাজৰ গোলা আচিল তাৰে পৰা এজন দাক্তৰ আনিবলৈ পঠি্য়া‌লে; তাতে কম্পা নিৰ জাহাজ এখনৰ বৌটন নামেৰে এজন দাক্তৰ গৈ পাত চাৰ জিয়েকৰ নৰিয়া ভাল কৰিলে, এই আপাত পাতচাই কি বঁটালাগে বুলি সুধিলত বৌটন সাহাবে আপোনালৈ একো নুখুজি কম্পানিক মাষুল নিদিয়াকৈ তেঁওৰ ৰাজ্যত বেপাৰ কৰিৰৰ আজ্ঞা দিবলৈ প্ৰাৰ্থনা কৰিলত পাত্চা‌ই সেই প্ৰাৰ্থনা সিদ্ধি কৰিলে, তাৰে পৰা কম্পানিৰ বেপাৰ কালক্ৰমে বাঢ়িল। পিচে কম্পানিয়ে সৈতে নবাবৰ মাজে২ বিৰোধ লাগিলত আৰু বঙ্গাল দেশৰ হিন্দু ৰজা কেত- বোৰো নবাৰৰ উপদ্ৰৱত বেজাৰ পাই ইংৰাজে সৈতে মিলি লত নবাবে সৈতে কম্পানিৰ দন্দ অতি টানকৈ লাগিল; শেষত ইংৰাজি ১৭৫৭ শঁকত বঙ্গাল দেশৰ সিৰাজুদ্দৌলা নবাবে সৈতে কম্পানিৰ পলাসি নামে ঠা্ই‌ত ৰণ লাগি নবাব ঘাটিল ইয়াৰে পৰা কম্পানি প্ৰায় দেশৰ অধিপতি হল, কিন্তু ইং ১৭৬৫ শঁকত কম্পানিক শাহ্আ‌লম্ পাত চাই বঙ্গাল বেহাৰ আৰু উৰিষ্যা দেশৰ দেওয়ানীৰ অধিপতি