পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/২২

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(১০)


তাতে পানি খাবৰ মনেৰে চাপৰোঁতে লৰাটিও কোলাৰ পৰা নৈত পৰিল। এই দুৰ্ঘটনাত তাই লৰাৰ সলনি অতি ব্যাকূল হৈ কান্দিব ধৰিলে, এনেতে, অকস্মাৎ তাইৰ সমী- পত দুটা মানুহ থিয় দি কলে বোলে আই কিয় কান্দিচা? তাতে তাই উত্তৰ দিলে বোলে, দেও সকল, পানি খাবলৈ চাপৰোঁতে কোলাৰ পৰালৰাটি এই নৈতে পরিল। সিবি লাকে এই কথাত কলে বোলে লৰাটি তোমাৰ তলৈ আকৌ আনি দিবলৈ বাঞ্ছা কৰাণে? তাতে তিৰোতা জনিয়ে আতি হৰ্ষ হৈ লৰাটি পাবলৈ প্ৰাৰ্থনা কৰিলত সিবিলাকে ঈশ্বৰক আৰাধনা কৰিলে,পিচে লৰাটি আগৰদৰে হৈ তাইৰ কোলা- লৈ আহিল। সিবিলাকে আকৌ সুধিলে বোলে ঈশ্বৰে তোমাৰ হাত দুখন আগৈ যেনে আচিল তেনে কৰি দিলে তুমি ভাল পোৱানে? এই কথাতো তাই পৰমানন্দ হৈ প্ৰাৰ্থনা কৰি- লত সিবিলাকে ঈশ্বৰক আৰাধনা কৰিলে, তাতে তাইৰ হাত দুখনো আগৰ নিছিনা হল; শেষত তেওঁবিলাকে আমি কোন চিনানে বুলি সোধাত তাই কলে বোলে ঈশ্বৰেহে জানে, পিচে এই বুলি চিনাকিদিলে বোলে যি পিঠা দুখন তুমি মগনিয়াক দিচিল আৰু যাৰ সলনি তোমাৰ হাত কটা গৈ চিল সেই পিঠা দুখনেই আমি দুই, এতেকে তোমাৰ হাত অরু লৰা পোৱাৰ সনলি ঈশ্বৰৰ ধন্যবাদ কৰা এই অদ্ভুত কথা দেখি তাই অতি আচৰিত হৈ ঈশ্বৰৰ অসীমগুণ আরু মহিমা বৰ্ণন কৰিলে।