পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/১৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ১৮০ )


আঠুৱা তাৰে মাজতে জিৱৰেইল নামে ঈশ্বৰৰ দূতে অনা কলা সিল আচে। যাত্ৰি বিলাকে মন্ত্ৰ বুলি এই কাবাক সাত বেলি প্ৰদক্ষিণ কৰি প্ৰতি বেলিয়ে সেই সিকল চুমা খায় এই ক্ৰিয়া কৰিবলৈকে হেজাৰ২ ক্ৰোশ দূৰৰ পৰা অসংখ্য যাত্ৰি জায়। পিচে যাত্ৰি বিলাক সেই মন্দিৰৰে আরু এঠাইত জম্জম্‌ নামে এটা নাদ আচে তাৰে পানিত স্নান কৰি তাৰ জল পান কৰে তাৰে পৰা সকলো পাপ ক্ষয় হয় বুলিকয়। শেষত নগৰৰ ১৫ ক্ৰোশ দক্ষিণে আৰাফাট নামে এখন পৰ্ব্বতলৈ যাত্ৰী গলে কৰ্ম্ম সমাপন হয়।

 মক্কা নগৰৰ পৰা ১০০ ক্ৰোশ অন্তৰত উত্তৰ পশ্চিম ফালে মদিনা নগৰ তাতে মহম্মদক গোৰ দিচিল এই নগৰৰ মুষল মানৰ তীৰ্থ ঠাই কিন্তু মক্কাৰ সমান নহয়। মদিনা সরু নগৰ দেখিবলৈকো ভাল নহয় আরু পাঁচশ মান ঘৰতকৈ অধিক ঘৰ নাই এটা বৰ ডাঙ্গৰ আরু সুন্দৰ মসীদ আচে তাৰে ভিতৰত মহম্মদৰ কবৰো আচে হাৰ দুই কোত খৰে আবুবি কৰ আরু অমাৰ কালিফৰ কবৰ, মদিনা নবিৰ নগৰ বোলে কিয়নো যেতিয়া তেঁও মক্কাৰ পৰা পলাল তেতিয়া মদিনাৰ মানুহ বিলাকে তেঁওক আশ্ৰয় দিলে।

⸻⸻

OUTLINE OF THE HISTORY OF INDIA.
ভাৰতবৰ্ষৰ সংক্ষেপ বুৰঞ্জি।

 ভাৰতবৰ্ষৰ বুৰঞ্জিক তিনি চোৱা কৰা জায়; আদিতে