( ৯৪ )
তোমাৰ পিতৃয়ে তোমাৰ হৈ কি কৰিচে তাৰ কথা কঁওঁ
শুনা—তোমাৰ পিতৃয়ে ৰাতি পুৱাৰ পৰা গধুলিলৈকে বন
কৰি তোমোলাকক প্ৰবৰ্ত্তাবলৈ ধন আনে; বৰখুন আনিলে
বা ভাগৰ লাগিলেও ঘৰত নাথাকে আরু তিতিম বা
ভাগৰ লাগিচে বুলি ঘৰত থাকোঁ নোবোলে কিয়নো
তেনে কৰিলে খাবলৈ কত পালাহঁতন তেঁও, অতি চেনেহ্
কৈ ভাবে বোলে মোৰ লৰা লুৰি হঁতে কি খাব? এতেকে
ময় বন কৰোঁ গৈ, এই বুলি ৰদেই হক বা বৰখুনেই হক,
দুখেই হক বা সুখেই হক, সকলোকে এফলিয়া কৰি থৈ
বনলৈ হে জায়। তোমাৰ হৈ ইমান দুখ কৰাৰ সলনি ত্তমি
তোমাৰ পিতৃক কেনে চেনেহ কৰিব পোৱা?
হে মোৰ প্ৰিয় লৰা বিলাক, তোমোলাকৰ পিতৃ মাতৃয়ে ইমান মৰম কৰাৰ সলনি সিবিলাকৰ নিমিত্তে আজিলৈকে তোমোলাকে কি কৰিচা? এতিয়ালৈকে তোমোলাকে সিবি লাকৰ একো উপ্কাৰ কৰিব পৰা হোৱা নাই হয়, কিন্তু সিবিলাকক সন্তোষ কৰিবলৈ সকলোৱে এটি কৰ্ম্ম কৰিব পাৰা অৰ্থাৎ ভাল সন্তান হবলৈ প্ৰাৰ্থনা আরু পুরুষাৰ্থ কৰা আরু সকলো কথাতে পিতৃ মাতৃক মান্য কৰা।
ইয়াকে তোমোলাক জিয়াই থাকা মানে প্ৰতি দিনে কৰিব পোৱা, কিয়নো কাৰো মাক বাপেকে কুকৰ্ম্ম কৰিবলৈ নিশিকায়; কিন্তু সাস্ত্ৰৰ বিপৰীত কোনো কৰ্ম্ম কৰিব দিলে হে সিবিলাকৰ কথাত কৈ ঈশ্বৰৰ অ জ্ঞা মানিব পাই।