পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/১২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ১১৫ )

আরু তুমি কোনো প্ৰতিজ্ঞা কৰাৰ পূৰ্বেই তেঁও জানে। তেঁও সকলে কৰ্ম্মতে আচৰিত তেঁওৰ অভিপ্ৰায় বুজিব নোৱাৰি আরু তেঁওৰ জ্ঞান তোমাৰ বোধ অগম্য।”

 এতেকে তেঁওৰ জ্ঞানক সকলো মান সৎকাৰ কৰা আরু অতি নম্ৰ আরু নত হৈ তেঁওৰ আজ্ঞা মানা।”

 ঈশ্বৰ অতি মৰমিয়াল আরু কৃপাবান, তেঁও এই সংসাৰ দয়া আরু প্ৰেমেৰে কৰিচে। তেঁওৰ সৃষ্টি সকলোতে তেঁওৰ কৃপা দেখি, তেঁও সকলো ভালৰে মূল আরু সকলো সম্পূৰ্ণ তাৰ মধ্য। তেঁওৰ সৃষ্টিৰ সকলো প্ৰাণিয়ে তেঁওৰ গুণ কয় আরু সিহঁতে যি সুখ ভোগ কৰে সিও তেঁওৰ প্ৰশংসা কয়।

 তেঁওৰ প্ৰাণিক তেঁও ৰূপ দিয়ে, আবৰণ আহাৰ দিয়ে আরু পুরুষানুক্ৰমে ৰক্ষাও কৰে।

 আমি স্বৰ্গলৈ চকু তুলি চালে তেঁওৰ মহিমা জলি থকা দেখোঁ, আরু তললৈ পৃথিবী লৈ চালেও তেঁওৰ কৃপা হে দেখোঁ; পৰ্ব্বত, গহবৰ, পথাৰ, আরু নদী এ হৰ্ষ হৈ তেঁওৰ গুণানুবাদ কৰে।

 কিন্তু হে মনুষ্য তেঁও তোমাক বিশেষকৈ অনুগ্ৰহ কৰি তেঁওৰ সৃষ্টিৰ সকলোতকৈ তোমাক ডাঙ্গৰ কৰিচে। সৃষ্টিৰ ওপৰত তোমাৰ ৰাজত্ব ৰাখিবৰ নিমিত্তে তেঁও তোমাক জ্ঞান দিচে, আরু সমাজৰ পৰা তোমাৰ উন্নতি হবলৈ কথা কবৰ শক্তি দিচে, আরু তেঁওৰ অনুপম গুণ সকল চিন্তা কৰিবৰ নিমিত্তে চিন্তা শক্তি দিচে। তোমাৰ জীৱন