পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(৬)

 তোমাৰ অধ্যাপকক প্ৰেম কৰিবা, আৰু তেঁও হুকিয়ালে বা মাৰিলে বিষম নাপাবা।

 ধেমালিতকৈ তোমাৰ পুথিক অধি ককৈ ভাল পাবা।

 তোমোলাকৰ ভিতৰত কেতিয়াও দন্দ্ বা মৰা মৰি ন কৰিবা, কিয়নো তোমোলাক ভাই ককাই।

 নি শিকিলে আৰু শ্ৰম নকৰিলে একো বিদ্যাই নহয়।

 পাপৰ পৰা যদি ৰক্ষা পাব খোজা তেন্তে লোভ এৰা।

 মানুহৰ মনত এনে কথা নোসোঁৱৰাবা যাৰ পৰা সি অস- ন্তোষ পায় আৰু পাপ কৰিৱলৈ প্ৰবৰ্ত্ত হয়।

 তোমাৰ জীবন ফুলৰ নিচিনা, ফুল যেনেকৈ ফুটে আৰু শুকায় সিও তেনে।

 একো বেয়া কথা নামাতিবা, কিয়নো যাৰ লাজ নাই তাৰ জ্ঞানো নাই।

 তোমাৰ সৰহ ধন দেখি বৰ হেন নেপাবা, এনে জাৰ ভাব সি গোটেই ক্ষুদ্ৰ৷

 অহঙ্কাৰী নহবা কিয়নো অহঙ্কাৰক মনুষ্য আৰু ঈশ্বৰেও ঘৃণা কৰে৷

 দুখেৰে ধেমালি নকৰিবা, অতি সৰু জন্তুকো পীড়া নিদিবা।

 কোনো লৰাক তোমাতকৈ পাৰ্গৎ দেখি কেতিয়া ও হিংসা নকৰিৱা, কিন্তু শ্ৰম কৰি তোমাৰ আপোন গুণেৰে তাক জিকিবলৈ হে পরুষাৰ্থ কৰিবা।