পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/১২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১১১)

চাওডাঙ্গ হঁতক কলে বলে এতিয়া তহঁতৰহে বন কৰিব লগা আচে, এই বুলি তেঁও বহিল কিন্তু একোৱে তেঁওৰ প্ৰতিজ্ঞা ভাঙ্গিব নোৱাৰিলে পিচে আগত থাকি পুতেক হঁতক কটালে।

OF ALFRED THE GTEAT.

আলফ্ৰেড ৰজাৰ কথা।

 এহেজাৰ মান বচৰ হৈচে ইংলণ্ড দেশৰ আলফ্ৰেড নামে এক ৰজা আচিল, তেঁও ইংলণ্ডৰ ৰজা সকলৰ ভিতৰত অতি জ্ঞানবন্ত আচিল। তেঁওৰ জীবনৰ প্ৰতি ঘড়ীৰে বন নিৰূপণ আচিল আরু তেঁও দিন আরু ৰাতিক আঠ ঘড়ীকে তিনি ভাগ কৰিছিল। তেঁও অতি নৰিয়া থাকিও সোৱা খোৱা আৰু ভ্ৰমণৰ নিমিত্তে আঠ ঘড়ী হে থৈচিল আৰু আধরুৱা সোলে ঘড়ীৰ আদখিনি পুথি পঢ়ি আরু লেখি আৰু ঈশ্বৰক আৰাধনা কৰি ক্ষেপণ কৰিচিল সি আদখিনিত ৰাজ কৰ্ম্ম কৰিচিল। তেওৰ দিনত ঘড়ি নাচিল দেখি তেও এনে বাতি কৰিচিল যে সি ঠিক আঠঘণ্টাহে জ্বলি চিল।

TITUS EMPEROR OF ROME.

ৰোম দেশের পাত্ সাহ তীতচ।

 বেচ পেচীয়নৰ পুতেক তীতচ পাত চাহক কেৱে গালি পাৰিলে সেই কথা তেঁওৰ আগত কাকো কব নিদিচিল