( ৩৫ )
সেই অধ্যক্ষে মাক বাপেকলৈ পুতেকৰ ইমান চেনেহ
দেখি বৰ অসন্তোষ কৰি চকুৰ পানি নেপেলোৱাকৈ
থাকিব নোৱাৰিলে আৰু কলে বোলে তোমাৰ পিতা ৰণুয়া
আচিল তেওৰ মাহিলি বেতন নাইনে? ছাত্ৰে কলে বোলে
নাই, তেঁও পাবলৈ প্ৰাৰ্থনা কৰিচিল কিন্তু ধন নোহোৱাতে
থাকি এৰি দিচে আরু নগৰত ধাৰ কৰাত কৈ দুখত পৰিও
গাৱত আচে।
ইয়াতে অধ্যক্ষে উত্তৰ দিলে বোলে তুমি কোৱা কথা যদি স্বৰূপ হয় তেন্তে ময় তোমাৰ পিতালৈ পাঁচ শ টকা বচৰি বেতন লগাই দিম, আরু তোমাৰ পিতৃ মাতৃ ইমান দুখত পৰিচে দেখি এই তিন টকা তুমি ভাঙ্গি খাবলৈ নিয়া আরু তোমাৰ পিতালৈ ময় চ মাহৰ বেতন আগামিকৈ পঠা্ই দিয়াম তাতে ছাত্ৰে কলে বোলে হে দেও তুমি অনু গ্ৰহ কৰি মোৰ পিতালৈ যদি ধন পঠাব ইচ্ছা কৰিচা তেন্তে এই তিন টকাও তাৰ লগত দিবা কিয়নো তাৰ পৰা মোৰ পিতাৰ সিবোৰ লৰা প্ৰতিপাল হব পাৰিব।
———
THE SECRET OF BEING ALWAYS SATISFIED.
সদানন্দ হোৱাৰ সঙ্কেত।
ইটালী দৈশৰ এক গোঁসাইৰ আনন্দ আরু সন্তোষি স্বভাৱ আচিল। তেঁও উপজিবৰে পৰা ভালে মান দুখত পৰিচিল কিন্তু তেও কেতিয়াও অসন্তোষীন হৈচিল।