পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/১৪১

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(১৩০)

পেলায় তাত সাগৰৰ পানি বোৰ বৰ খুনত পৰাসিলৰ নিচিনা সিল হয়।

 নানা দেশত নানা বিধৰ জন্তু আরু গচ ইত্যাদি হয় সেই বোৰ লেখা বৰ বাহুল্য আফ্ৰিকা খণ্ডত সিংহ পোৱা জায় আরু আসিয়াৰো ঠাইয়ে২ আছে। আসিয়াত হাতি, গঁৰ, বাঘ ভালুক উট, পহু, নানাবিধৰ বানৰ, বন মানুহ ইত্যাদি অনেক আচাৰিত জন্তু আচে, কিন্তু এই সকল ইউৰোপ বা আমে ৰিকাত নাই, তাৰ মানুহে এই সকল জন্তুক দেখি বৰ আচ ৰিত হয়। আফ্ৰিকা খণ্ডতো হাতি, উট, আরু নদীৰ ঘোৰা, নামে এক আচৰিত জন্তু ইত্যাদি আচে। ইউৰোপ খণ্ডত বগা ভালুক ইত্যাদি জন্তু আমেৰিকাতো এই ৰূপে নানা জন্তু আচে। উত্তৰ কেন্দ্ৰৰ ফালে সাগৰত হুৱেল নামে যে এবিধ মাচ আচে তাৰ সমান ডাঙ্গৰ জন্তু পৃথিবীত নাই।

 পৃথিবীৰ নানা দেশত নানা বৰনিয়া মানুহ আচে। ইউ ৰোপৰ আসিয়াৰ পশ্চিম খণ্ডৰ আরু আফ্ৰিকাৰ উত্তৰ খণ্ডৰ মানুহ বোৰৰ বৰণ অতি বগা, দেখিবলৈকো সুৱনি আসি য়াত বাস কৰা মনুষ্য বোৰৰ বৰণ হালধিয়া সেতা; আরু দেখিবলৈ গঢ়িত। আফ্ৰিকা খণ্ডৰ লোক সকল (উত্তৰ খণ্ডত বাজে) অতিশয় কলা, প্ৰায় আঙ্গাৰৰ নিচিনা সিহঁতৰ চুলি মেৰ চাগৰ নোমৰ নিচিনা কুটকুৰা আরু ওঠ বৰ ডাঙ্গৰ আমে বিকা খণ্ডত ইউৰোপৰ পৰাগৈ যি লোক বাস কৰিচে সিহঁত বগ। কিন্তু তাৰ আদিৰ লোক বিলাক তাম বৰনিয়া ৰঙ্গা।