THE WISE AND THE STRONG MAN.
পণ্ডিত আরু বলি মানুহর কথা।
এটা পণ্ডিত আরু এটা বলৱন্ত মানুহ দুইও ভিন্ন দেশলৈ গৈ তাৰ ৰজাত কলে বলে আমি বিদেশী জীবিকা পাবৰ আশায় ইয়ালৈ আহিচোঁ,এতেকে মহাৰাজে দয়াকৈ ৰাখিলে থাকিব পাৰোঁ। এই কথা শুনি ৰজাই কলে বোলে যোনে এই গঢ় ডালৰ সুকান ঠানিটো ভাঙ্গিব পাৰে তাকে বিষয় দিম, তাতে সেই বলী মানুহে গপ কৈ গৈ ঠানিৰ গুৰিত ধৰি ভাঙ্গিব খুজি নোৱাৰিলে; পিচে পণ্ডিতে ঠানিৰ আগত ধৰি বল দিয়াত ভাগিল, তাতে ৰজাই পণ্ডিতক সেনাপতি পাতিলে।
তাৎপৰ্য্য; বিদ্যা নহলে অকল বলেৰে কোনো কৰ্ম্ম সিদ্ধি হব নোৱাৰে, এতেকে বলতকৈ বিদ্যা হে প্ৰসন্ত।
⸻
THE WISE MAN AND THE PRINCE.
পণ্ডিত আরু ৰজাৰ কোঁৱৰৰ কথা।
এক ৰজাৰ কোঁৱৰ আৰু এক পণ্ডিত দুইও এক ভিন্ন দেশৰ ৰজাৰ নগৰৰ কোখৰত ৰলগৈ এনেতে তাৰ ৰজাই তেঁওৰ তামুলিক এদিন অসময়ত আনিবলৈ দূত পঠালে, তাতে সেই তামুলিয়ে কিবা জগৰ লাগিচে বুলি বৰ ভয় পোৱা দেখি সেই পণ্ডিতে দূতসোধাত সি কলে বোলে ৰজাই তামোল চোবাই আচিল পিচে তাক মুখৰ পৰা উলিয়াই পেলাই মোক