পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(৭৩)


বোলে ককাই কি সোধা মোৰ বাখনাত যি লেখিচিল সেয়েই হৈচে, মোক লগাব লগা তোমাৰ কিবা বন আছে নে? সেই মানুহে সমিধান দিলে বোলে ময় তোমাক এটা সুখিয়া বনত লগাব খোজো; আমি একে লগে দহোটা সন্যাসী থাকো আমাৰ বন কৰিবলৈ কেৱে নাই। আমি তোমাক গাত কাপৰ আরু পেটত ভাত দিম তুমি আমাৰ বন কৰিবা আৰু আমি ধনৰ ভাগ দিম কি জানি আমাৰ দ্বাৰা ঈশ্বৰে তোমাক আগৰ নিচিনা ধনৱন্তেই কৰে।

 এই কথাত অতি হৰ্ষ হৈ সেই হজুয়াই মানতি হল, পিচে সেই মানুহে কলে বোলে তুমিয়ে সৈতে এটা কথা বান্ধিব লগা আছে অৰ্থাৎ আমি যি কৰোঁ তাক কাতো না ভাঙ্গিবা আরু যেতিয়া তুমি আমাক কান্দিব দেখা তেতিয়া আমি কিয় কান্দো তাৰ কথা নুসুধিবা, এই কথাতে সি মানতি হলত সেই মানুহে তাক লগত লৈ এখন গাধোৱা ঠাই লৈ গৈ তাতে তাৰ গধুৱাই আৰু ন কাপৰ পিন্ধাই তাৰ ঘৰলৈ আৰু লগৰ সন্ন্যাসী হঁতৰ তলৈনিলে।

 সেই বনুৱাই ঘৰ সোমাই এটা বৰ ডাঙ্গৰ আৰু মনোৰম অট্টালিকা পালে, তাৰ চাৰিও ফালে মনোহৰ ফুলবাৰি এখন তাৰ মাজেৰে এটা নিজৰা বইচিল আৰু চাৰিও ফালে চৰাই বোৰে সুললিত ৰাও কৰি আচিল। পিচে এই ঘৰৰ এখোঁটালিলৈকে তাক সেই সন্ন্যাসীয়ে নিলত সি দেখিলে

যে সেই খোঁটালি নানা বৰণিয়া সিলেৰে বন্ধোৱা, তাৰ