সমললৈ যাওক

পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/১১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ১০৬ )


তয় এনে বাৰীৰ অধিকাৰ হবৰ যোগ্যও নহ, পিচে সিহঁতৰ গাঁৱৰ পুৰোহিতে বিবাদ শুনি সিহঁতক মিলাই ৰাখিবৰ ইচ্ছা কৰি কলে বোলে মিত্ৰ সকল তোমোলাকে কি কৰা, সুখে থাকি ভাগৰ লাগিলনে? এই বাৰী খনেই তোমোলা কৰ মিল প্ৰীতি ভাঙ্গিবৰ হেতু হলনে? দুইও গোট খাই তাক চাহ কৰা পিচে সহ হলে ভগাই নিবা এই কথাত এক ভায়েকে কলে বোলে ময় এনে ইচ্ছা নকৰোঁ গোটেই খন ময় পাওঁ, সি ভায়েকে কলে বোলে বারু বুজা জাব ময় হে পাম; সিহঁতৰ এই সকল কথাত সেই পুৰোহিতে কলে তেন্তে দুইৰ এটাই এটাৰ তৰ পৰা ধনলৈ ভাগ এৰি দিয়া তাতে সিহঁতে দুই ওএকে বেলিয়ে কলে বোলে মোৰ ভাইয়ে এৰি দিয়ক পিচে পুৰোহিতে সিহঁতক একো পিনে মিলাই ৰাখিব নোৱাৰি কলে বোলে তহঁতে ইয়াৰ প্ৰতিফল পাবি।

 ভায়েক হঁতে এই কথাত মন নিদি দুই দুই উকিল ধৰি গোচৰ আৰম্ভ কৰিলে আন গোচৰৰ নিচিনা সিহঁতৰ গোচৰৰ পৰি থাকিল, সেই সময়তে বাৰীৰ গচ সকল কেৱে পতি নকৰাত গোটেই নষ্ট হল, শেষত পাঁচ বচৰৰ মুৰত গোচৰৰ সিদ্ধান্ত হল কিন্তু যি জিকিলে সি গোচৰর খৰচ দিবলৈ সেই বাৰি খন আর তাৰ লগতে আন বৃত্তিকো বেচিলে।