পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৫৯ ]

বোলে নাই, কিন্তু তোমাক ৰাইয়ত লাগিব, এতেকে মোক ইয়াতে থাকিব দিবা।

 তাতে সোনৰ গৰাকিয়ে উত্তৰ দিলে বোলে নহয়, তোমাৰ সততাৰ নিমিত্তে ইয়াতকৈ বঢ়া পুৰষ্কাৰ পাব পোৱা; মোৰ বাণিজ্যত ভালেমান লাভ হৈচে আৰু মোৰ যি সোন হেৰা ইচিল তাক পাহৰিলোঁৱেই। তুমি এই মাটি পাব পোৱা, এতেকে তুমি তাক আপোনাৰ বুলি ৰাখা, তোমাতকৈ অধিক মহৎ কৰ্ম্ম পৃথিবীত কোনে কৰিলে হেঁতেন?

 পেৰিণ আরু লুচেতা দুইও অত হৰ্ষ হল, পেৰিণে কলে বোলে হে মোৰ প্ৰিয় লৰাহঁত, তহঁতৰ উপকাৰ কৰ হাতত চুমাখা, লুচেতা এই মাটি এতিয়া আমাৰ হল আমি এতিয়া শুদ্ধ মনেৰে ভোগ কৰিম।

 এনেকৈ সততা পুৰষ্কৃত হল; সেই দেখি যোনে পুৰষ্কাৰ পাব খোজে সি সেই ধৰ্ম্ম কৰক

INDUSTRY BETTER THAN GOLD.

সোনতকৈ শ্ৰম ভাল।

 যেতিয়া দক্ষিণামেৰিকা দেশলৈ সোন পাবৰ আশায় অনেক মানুহ গৈচিল তেতিয়া পিজাৰো নামেৰে এটা স্পানিয়া দেশৰ মানুহেও আনৰ নিচিনাকৈ কপালৰ মাহাত্ম্য বুজিবৰ মন কৰিলে; কিন্তু তাৰ এটা ডাঙ্গৰ ভায়েকক বৰ মৰম কৰিচিল দেখি সি তাৰ তলৈ গৈ তার অভিলাষ জনাই