পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/১২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ১১৬ )

কি ৰূপে কি ৰূপে চলাব লাগে অনেকে তেঁও যি ব্যবস্থা কৰিচে সি তোমাৰ স্বভাৱৰ এনেহে গণ্য যে তেঁওৰ আজ্ঞা মানিলে তোমাৰ সুখ হয়।

 তেঁওৰ দয়াক ধন্যবাদ কৰা, আরু মনে২ তেঁওৰ আচ ৰিত প্ৰেমৰ চিন্তা কৰা। তোমাৰ চিত্ত কৃতজ্ঞতাৰে ভৰক, তোমাৰ মুখে গুণানুবাদ কৰক, আরু তোমাৰ জীৱনৰ কৰ্ম্ম সকলে তেঁওৰ ব্যৱস্থা সকললৈ তোমাৰ প্ৰীতি দেখুৱাক।

 ঈশ্বৰ অতি ন্যায্য আৰরু যথাৰ্থ আরু পৃথিবীৰ সোধ অতি ন্যায়কৈ কৰিব তেঁও ব্যৱস্থা সকল অতিদয়াকৈ কৰা নাইনে? আরু যোনে তেঁওৰ আজ্ঞা ভাঙ্গে তাক দণ্ড ন কৰিবনে।

 হে সাহিয়াল মনুষ্য তোমাৰ দণ্ড পলম হয় দেখি ঈশ্বৰৰ বাহু দুৰ্ব্বল বুলি না ভাবিবা, আরু তোমাৰ কৰ্ম্ম সকলত তেঁও চকু পচাৰে বুলি না জানিবা তেঁওৰ চকু সকলোৰ চিত্তৰ গোপন বস্তুতো বিন্ধি সোমাই, আরু সি চীৰকাললৈকে মনত থাকে আৰু তেঁও কোনো মানুহক মান্য নকৰে। বৰ, সরু, দুখিয়া, ধনবন্ত, জ্ঞানী আৰূ অজ্ঞানী, সকলোৰে আত্মা যেতিয়া মনুষ্য দেহৰ পৰা জায় তেতিয়া ঈশ্বৰৰ ন্যায্য আজ্ঞাৰ পৰা ন্যায় ৰূপে আপোনাৰ কৰ্ম্মৰ প্ৰতিফল পাব।

 তেতিয়া দুষ্ট বোৰে ভয়ত কঁপিব কিন্তু ধাৰ্ম্মিকৰ চিত্তে হৰ্ষ পাব।

 এতেকে হে মনুষ্য জীয়াই থাকা মানে ঈশ্বৰৰ ভয় কৰা আরু তেঁও যিবাট দেখুৱাইচে সেই বাটেৰে জোৱা। জ্ঞানে