পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/১০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ৯৫ )


সকলো পিতৃ মাতৃয়ে সন্তান হঁতক সুকৰ্ম্ম কৰিব হে দিয়ে সেই নিমিত্তে সিবিলাকৰ কথা অৰশ্যে শুনিব পাই। যেতিয়া সিবিলাকে “তালৈ জোৱা, ইয়ালৈ আহাঁ, ইয়াকে কৰা ইত্যাদি কোনো আজ্ঞা লৰাক কৰে তেতিয়া সি পৰম হিতৈষী পিতৃ মাতৃৰ আজ্ঞা বুলি সেই আজ্ঞা তেতিয়াই পালিব পাই; কিন্তু তললৈ মুৰকৈ খঙ্গ কৰি তিনি চাৰি বেলি নোবোলে মানে নকৰি থাকিব নাপাই। পিতৃ মাতৃয়ে লৰাই ভাল নোপোৱা কোনো কথা কৰিব দিলেও সেই কথা অৱশ্যে কৰিব, কিয়নো সিবিলাকে তাতকৈ অধিক জানে।

 তোমালোকৰ পিতৃ মাতৃয়ে কেতিয়াবা খঙ্গ কৰিলে বা ডবিয়ালে, তোমোলাকে বেজাৰ নাপাই সিবিলাকক শীঘ্ৰে আজ্ঞা পালন কৰি সন্তোষ কৰিবলৈ হে যতন কৰিবা? কিয়নো ত্তমি নজনা অনেক কথাত সিবিলাকে বেজাৰ পাই এতেকে হে প্ৰিয় লৰা সকল, এই বোৰ কথা মনত সাঁচি থৈ পিতৃ মাতৃৰ আজ্ঞা মানিবলৈ তোমোলকক মতি দিবৰ নিমিত্তে ঈশ্বৰক প্ৰাৰ্থনা কৰা।

“HE THAT SPEAKETH LIES SHALL PERISH."

“যি মিচা কথা কয় সি তাৰ পুতিফল পাব।

 হে প্ৰিয় লৰাহঁত তোমোলাকৰ ভিতৰৰ কেৱে যেন এই কুকৰ্ম্ম নকৰা। তোমোলাকে সদাই মনত ৰাখিবা যে আমাৰ সৰ্ব্বজ্ঞ পিতৃ পৰমেশ্বৰ সদাই তোমোলাকৰ